ETV Bharat / state

কিয় গুলিওৱা হৈছিল ড্ৰাগছ মাফিয়া আছাদ্দুল্লাক ?

author img

By

Published : Jul 16, 2021, 10:18 PM IST

শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি ড্ৰাগছ মাফিয়া(Drugs Mafia) আছাদ্দুল্লাক গুলিওৱা সন্দৰ্ভত মন্তব্য কৰে মৰিগাঁও আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজন (SP Aparna Natarajan)এ ৷ বৃহস্পতিবাৰে নিশা ড্ৰাগছৰ গোপন লেন-দেনৰ খবৰ পাই ড্ৰাগছ মাফিয়া (Drugs Mafia) আছাদ্দুল্লাসহ এটা দলক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ যাওতে পলাবলৈ চেষ্টা কৰে দলটোৱে ৷ ইয়াৰ পাচতে আৰক্ষীয়ে গুলীচালনা কৰে ৷

morigaon-sp-pressmeet
মৰিগাঁও আৰক্ষী অধীক্ষকৰ সংবাদমেল

মৰিগাঁও,16 জুলাই : ড্ৰাগছ মাফিয়া (Drugs Mafia) আছাদ্দুল্লাক কিয় গুলীয়াবলগীয়া হৈছিল এই সন্দৰ্ভত শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰে মৰিগাঁও আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজন (SP Aparna Natarajan)এ ৷ বৃহস্পতিবাৰে নিশা মৰিগাঁও আৰক্ষীয়ে গুলীচালনা কৰিছিল আছাদ্দুল্লা নামৰ এটা দুধৰ্ষ ড্ৰাগছ মাফিয়াক ৷ মৈৰাবাৰী থানাৰ 268/21 নং গোচৰৰ ভিত্তিত দুধৰ্ষ ড্ৰাগছ মাফিয়াটোক গুলীয়াই আহত কৰে আৰক্ষীয়ে ৷ মৰিগাঁও আৰু নগাঁও আৰক্ষীৰ যুটীয়া অভিযানত মহখুলীৰ পৰা কৰায়ত্ত কৰিছিল দুধৰ্ষ ড্ৰাগছ মাফিয়াটোৰ লগতে এটা বৃহৎ দলক ৷

মৰিগাঁও আৰক্ষী অধীক্ষকৰ সংবাদমেল

লক্ষীমপুৰৰ এটা দলৰ সৈতে ড্ৰাগছৰ গোপন লেন-দেনৰ খবৰ পাই দলটোক কৰায়ত্ত কৰাৰ বাবে চেষ্টা কৰে যদিও আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি দলটো পলাই যাব বিচৰাত টায়াৰত গুলীয়াই আছাদ্দুল্লাসহ দলটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ ইয়াৰ পাচত মৰিগাঁও আৰক্ষীয়ে মৈৰাবাৰীৰ পলাহগুৰীৰ দুৰ্ধষ ড্ৰাগছ মাফিয়াটোক সোধ-পোচ কৰাত মৈৰাবাৰী থানাৰ অন্তৰ্গত শগুণবাহীত বৃহৎ পৰিমাণৰ ড্ৰাগছ লুকুৱাই ৰখাৰ কথা অৱগত কৰে ৷ যাৰ ফলত মৰিগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা বৃহৎ আৰক্ষীৰ দলে আছাদ্দুল্লাক শগুনবাহীলৈ লৈ যায় ৷

firing to drugs peddler
ড্ৰাগছ মাফিয়াক গুলীচালনা

কিন্তু দুৰ্ধষ অপৰাধীটোৱে অতিৰিক্ত আৰক্ষী অধীক্ষকৰ চাৰ্ভিছ ৰিভলভাৰ কাঢ়ি ল’বলৈ চেষ্টা কৰাত আছাদ্দুল্লাক ভৰিত গুলীয়াই গুৰুতৰভাৱে আহত কৰে আৰক্ষীয়ে ৷

আহত ড্ৰাগছ মাফিয়াটোক ততাতৈয়াকৈ মৰিগাঁও অসামৰিক চিকিৎসালয় (Morigaon Civil Hospital)লৈ নিয়া হয় যদিও গুৰুতৰভাৱে আহত হোৱাত গুৱাহাটী মেডিকেল কলেজ হাস্পতাল(GMCH)লৈ লৈ যোৱা হয় ৷ উল্লেখ্য যে, দুধৰ্ষ অপৰাধীটোক পূৰ্বতেও অস্ত্ৰ সৰবৰাহৰ গোচৰত মৰিগাঁও আৰক্ষীয়ে কৰায়ত্ত কৰিছিল ৷ তাৰোপৰি শেহতীয়াকৈ চামগুৰি থানাটো এটা গোচৰ ৰুজু হৈছে আছাদ্দুল্লাৰ বিৰুদ্ধে ৷

লগতে পঢ়ক : লামডিঙৰ পৰা আৰম্ভ হ’ল “ভেকচিন অন হুইলচ”

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.