ETV Bharat / state

কেৰালাৰ পৰা অহা 9 জনকৈ লোকৰ দেহত কৰ'ণাৰ উপস্থিতি

দেওবাৰে কেৰালাৰ পৰা আহি জাগীৰোড ৰে’ল ষ্টেচনত উপস্থিত হোৱা যুৱকসকলৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল এক গোচৰ ৷ মৰিগাঁৱৰ তৰুণৰাম খেলপথাৰত আৰক্ষীয়ে উদ্ধাৰ কৰা 140 জন লোকৰ কৰি থকা হৈছে ক'ভিড পৰীক্ষণ ৷ বৰ্তমানলৈকে 9 জনকৈ লোকৰ দেহত ধৰা পৰে মহামাৰী কৰ'ণা ভাইৰাছৰ উপস্থিতি ৷

author img

By

Published : May 24, 2021, 2:15 PM IST

Updated : May 24, 2021, 2:33 PM IST

কেৰালাৰ পৰা অহা 9 জনকৈ লোকৰ দেহত কৰ'ণাৰ উপস্থিতি
কেৰালাৰ পৰা অহা 9 জনকৈ লোকৰ দেহত কৰ'ণাৰ উপস্থিতি

মৰিগাঁও,24 মে': ৰাজ্যত এতিয়া কৰ'ণাৰ বিভীষিকা অব্য়াহত ৷ ইয়াৰ মাজতে দেওবাৰে জাগীৰোড ৰে’ল ষ্টেচনত কেৰালাৰ পৰা আহি উপস্থিত হয় প্ৰায় তিনি শতাধিক লোক ৷ ষ্টেচনটোত উপস্থিত হোৱাৰ পাচতে এই যাত্ৰীসকলে এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷

ইপিনে, ক’ভিড পৰীক্ষা নকৰাকৈ পলায়ন কৰা লোকসকলৰ সন্দৰ্ভত মৰিগাঁও জিলা আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনে আজি সম্বোধন কৰে এখন সংবাদমেল ৷ জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে জনাই যে, মৰিগাঁও আৰু নগাঁও জিলাৰ পৰা ১৪০ জন লোকক বিচাৰি উলিওৱা হৈছে ৷ লগতে মৰিগাঁৱৰ তৰুণৰাম ফুকন খেলপথাৰত এইসকল লোকৰ ক'ভিড পৰীক্ষা কৰি থকা হৈছে ৷ এই পৰীক্ষাত বৰ্তমানলৈকে ৯ জনকৈ লোকৰ দেহত ধৰা পৰিছে কৰ'ণা মহামাৰীৰ উপস্থিতি ৷

উল্লেখ্য যে, জাগীৰোড আৰক্ষী থানাত পলায়ন কৰা লোকসকলৰ সন্দৰ্ভত ৩১৫/২১ নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছে ৷ আৰক্ষীয়ে উদ্ধাৰ কৰা লোকসকলক আদালতত হাজিৰ কৰা হ'ব বুলি মন্তব্য কৰে আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনে ।

অন্য এক খবৰৰ বাবে: মঙলদৈত ট্ৰেক্টৰ বাগৰি এজনৰ মৃত্যু

Last Updated : May 24, 2021, 2:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.