ETV Bharat / state

মৰিগাঁৱত তুংগত তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Dec 9, 2020, 10:36 PM IST

জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোঁহাইয়ে মৰিগাঁৱৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰী দল বিৰোধী কাৰ্য কলাপৰ বিষয়ে কটু ভাষাৰে সমালোচনা কৰি কয় যে, " দলৰ বিৰুদ্ধে ভোট দিবলৈ আহ্বান জনোৱা এইগৰাকী বিধায়ক ৰমাকান্ত দেউৰীয়ে পিছত কেনেদৰে দলৰ প্ৰতীক পদুম ফুলৰ ছবিত নিৰ্বাচনত অৱতীৰ্ণ হ'ব।

morigaon-rajen-gohain-campaign
মৰিগাঁৱত তুংগত তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ

মৰিগাঁও, 9 নৱেম্বৰ : অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ‘ব তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন ৷ নিৰ্বাচনৰ পূৰ্বে এতিয়া তুংগত উঠিছে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ বুধবাৰে ৯ নং দমাল পৰিষদীয় সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলালে প্ৰাক্তন সাংসদ তথা প্ৰাক্তন ৰাজ্যিক ৰেল মন্ত্ৰী ৰাজেন গোঁহাইয়ে। বুধবাৰে দমাল ৰংগ মঞ্চত অনুষ্ঠিত হয় শাসকীয় বিজেপি দলৰ মনোনীত প্ৰাৰ্থী পবন মান্তাৰ নিৰ্বাচনী প্ৰচাৰ সভা । উক্ত নিৰ্বাচনী সভাত বিজেপি দলৰ মনোনীত প্ৰাৰ্থী পবন মান্তাৰ হৈ প্ৰচাৰ চলায় ৰাজেন গোঁহাইয়ে ৷

আনহাতে জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে মৰিগাঁৱৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰী দল বিৰোধী কাৰ্য কলাপৰ বিষয়ে কটু ভাষাৰে সমালোচনা কৰি কয় যে, " আজি দলৰ বিৰুদ্ধে ভোট দিবলৈ আহবান জনোৱা এইগৰাকী বিধায়ক ৰমাকান্ত দেউৰীয়ে পিছত কেনেদৰে দলৰ প্ৰতীক পদুম ফুলৰ ছবিত নিৰ্বাচনত অৱতীৰ্ণ হ'ব । মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীয়ে বিজেপি দলৰ প্ৰাৰ্থীক পৰাজিত কৰিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰে ৰাজেন গোঁহাইয়ে ৷

লগতে পঢ়ক : আঞ্চলিকতাবাদী পোছাক পিন্ধিলে উচ্চপদস্থ বিষয়া আৰু ছাত্ৰ নেতাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.