ETV Bharat / state

মৰিগাঁৱত ৰিক্সা চালক সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী - ৰিক্সা চালকৰ প্ৰতিবাদ

ৰিক্সা চালকৰ প্ৰতিবাদী সমদলত অংশ লৈ প্ৰাক্তন বিধায়ক মুনিন মহন্তই ৰিক্সা চলাই পৰিয়াল পোহপাল দিয়া সাধাৰণ ৰিক্সা চালকক ন্যায় প্ৰদান কৰিবলৈ আহ্বান জনায় ।

morigaon-protest
মৰিগাঁৱত ৰিক্সা চালক সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী
author img

By

Published : Oct 7, 2020, 3:24 PM IST

মৰিগাঁও, 7 অক্টোবৰ : মৰিগাঁৱত অব্যাহত আছে ৰিক্সা চালক সন্থাৰ প্ৰতিবাদ । মঙলবাৰে এক দীৰ্ঘদিনীয়া দাবী সমাধানৰ দাবীত প্ৰতিবাদী সমদল উলিয়াই বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ৰিক্সা চালক সন্থাৰ প্ৰতিবাদকাৰী সকলে। মৰিগাঁও স্কুল খেলপথাৰৰ পৰা সমলৰ উলিয়াই জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।
উল্লেখ্য যে,মৰিগাঁও জিলাৰ তদানীন্তন উপায়ুক্ত হেমেন দাসে 2018 চনতে এক নিৰ্দেশনা যোগে ই-ৰিক্সা আৰু মেন্যুৱেল ৰিক্সা চালকৰ মাজত এলেকাক লৈ চলি থকা বিবাদৰ সমাধানৰ উপায় উলিয়াই ই-ৰিক্সা চালকক বান্ধি দিছিল নিদিষ্ট পথ আৰু এলেকা । পিছে মৰিগাঁও পৌৰসভাৰ কৰ সংগ্ৰহৰ গইনাৰে উক্ত নিৰ্দেশনা কাৰ্যকৰী কৰা নাছিল মৰিগাঁও প্ৰশাসনে। পৰিপ্ৰেক্ষিতত সময়ে সময়ে ৰিক্সা চালক আৰু ই-ৰিক্সা চালকৰ মাজত সৃষ্টি হৈছিল সংঘাতৰ । উক্ত সমস্যা সমাধানৰ দাবীত মঙলবাৰে চহৰৰখনৰ মাজেৰে প্ৰতিবাদী সমদল বাহিৰ কৰে ৰিক্সা চালক সন্থাই । ৰিক্সা চালকৰ এই প্ৰতিবাদী সমদলত অংশ লৈ প্ৰাক্তন বিধায়ক মুনিন মহন্তই ৰিক্সা চলাই পৰিয়াল পোহপাল দিয়া সাধাৰণ ৰিক্সা চালকক ন্যায় প্ৰদান কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: গুজৰাটৰ পৰা দিল্লীলৈ প্ৰধানমন্ত্ৰী মোদীৰ ৰাজনৈতিক জীৱনৰ ২০বছৰীয়া যাত্ৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.