ETV Bharat / state

অব্যাহত আছে সদৌ তিৱা ছাত্ৰ সন্থাৰ প্ৰতিবাদ

author img

By

Published : Nov 17, 2020, 10:54 PM IST

অসম নিৰ্বাচনী আয়োগে ৰাজ্যৰ আন আন স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সমান্তৰালকৈ তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এতিয়া মধ্য অসমৰ তিৱা দল-সংগঠন সমূহৰ মাজত ।

protest Tiwa Autonomy Council_
অব্যাহত আছে সদৌ তিৱা ছাত্ৰ সন্থাৰ প্ৰতিবাদ

মৰিগাঁও,17 নৱেম্বৰ: তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচন দিন ঘোষণা কৰাৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তিৱা জাতীয় দল-সংগঠন সমূহে । কাৰ্যতঃ তিৱা স্বায়ত্ত পৰিষদক ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত শাসন প্ৰদান আৰু অধিসূচনাত বাদ পৰি থকা ১২৪খন তিৱা অধ্যুষিত গাঁৱক তিৱা স্বায়ত্ত পৰিষদত অন্তৰ্ভুক্তিৰ দাবী জনোৱা হৈছে ৷ দাবী সমূহ পূৰণৰ বাবে সদৌ তিৱা ছাত্ৰ সন্থা আৰু সহযোগী তিৱা জাতীয় সংগঠনে গণ বিক্ষোভ,ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ আৰু অৱশেষত ১২ ঘন্টীয়া মধ্য অসম বন্ধৰো আহ্বান জনাইছিল ৷ কিন্তু কোনো সুফল নাপালে দল-সংগঠনসমূহে ৷ ধাৰাবাহিক ভাৱে সদৌ তিৱা ছাত্ৰ সন্থাই প্ৰতিবাদ কৰাৰ স্বত্তেও এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিলে চৰকাৰে ৷ অৱশেষত নিৰ্বাচনী আয়োগে ঘোষণা কৰিলে তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ দিন ৷ দিন ঘোষণা হোৱাৰ পাচতেই সদৌ তিৱা ছাত্ৰ সন্থাৰ লগতে আন- আন বহু তিৱা সংগঠন সমূহৰ মাজত সৃষ্টি হৈছে এতিয়া প্ৰতিক্ৰিয়া ৷

tiwa election _Tiwa Autonomy Council-

অন্য এক খবৰৰ বাবে: দেশৰ ভিতৰতে সৰ্বাধিক কিৱি উৎপাদনৰ দিশে অৰুণাচল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.