ETV Bharat / state

মৰিগাঁৱৰ নগাবন্ধা সমবায় সমিতিত দুৰ্নীতিৰ অভিযোগ

সোমবাৰে মৰিগাঁৱৰ লাহৰীঘাটৰ নগাবন্ধা সমবায় সমিতিৰ সম্পাদক গিয়াছ উদ্দিনৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ সাব্যস্ত হিতাধিকাৰীৰ ৷ সম্পাদক গিয়াছ উদ্দিনে একোখন কাৰ্ডৰ নামত হিতাধিকাৰীসকলৰ পৰা হাজাৰ-হাজাৰ টকা সংগ্ৰহ কৰাৰ অভিযোগ তুলিছে ভুক্তভোগী ৰাইজে ৷

Morigaon nagabandha co-operative office corruption
মৰিগাঁৱৰ নগাবন্ধা সমবায় সমিতিত দুৰ্নীতিৰ অভিযোগ
author img

By

Published : Sep 28, 2020, 11:07 PM IST

মৰিগাঁও, 28 ছেপ্তেম্বৰ: মৰিগাঁৱৰ লাহৰীঘাটৰ নগাবন্ধা সমবায় সমিতিত ব্যাপক দুৰ্নীতিৰ অভিযোগ । প্ৰশাসনৰ ওপৰত আস্থা হেৰুৱাই ৰাজপথত প্ৰতিবাদ সাব্যস্ত হিতাধিকাৰীৰ । দুই শতাধিক লোকে প্ৰাপ্য বিচাৰি সোমবাৰে নগাবন্ধা সমবায় সমিতিৰ সম্পাদক আৰু একাংশ এজেণ্টৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ।

হিতাধিকাৰীসকলৰ অভিযোগ অনুসৰি, সমবায় সমিতিখনৰ সম্পাদক গিয়াছ উদ্দিনৰ নেতৃত্বত চলিছে ব্যাপক দুৰ্নীতি । একোখন কাৰ্ডৰ নামত হিতাধিকাৰীসকলৰ পৰা হাজাৰ-হাজাৰ টকা সংগ্ৰহ কৰিছে সম্পাদক গিয়াছ উদ্দিনে ।

মৰিগাঁৱৰ নগাবন্ধা সমবায় সমিতিত দুৰ্নীতিৰ অভিযোগ

আনহাতে,বৰছলা আৰক্ষী থানাত গোচৰ দিয়াৰ পাছতো গিয়াছ উদ্দিনৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাজপথত প্ৰতিবাদ কৰিবলৈ ওলাই আহিবলগীয়া হৈছে দৰিদ্ৰ বঞ্চিত হিতাধিকাৰী সকল। দুৰ্নীতিগ্ৰস্ত গিয়াছ উদ্দিন গ্ৰেপ্তাৰ হ’বনে নহয় তাক লৈ এতিয়া হিতাধিকাৰীসকলৰ মাজত প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: নিযুক্তি কেলেংকাৰীৰ তদন্তৰ নামত চৰকাৰে নাটক আৰম্ভ কৰিছেঃ বিৰোধী দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.