ETV Bharat / state

তুংগত উঠিছে তিৱা স্বায়ত শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Dec 13, 2020, 3:30 AM IST

তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে আন আন সমষ্টিৰ লেখীয়াকৈ ঐতিহাসিক 24নং জোঙালবলহু সমষ্টিতো প্ৰচাৰ তুংগত উঠিছে ।

tac election
tac election

মৰিগাঁও, 13 ডিচেম্বৰ : অহা 17 ডিচেম্বৰত অনুষ্ঠিত হ'ব তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন ৷ ইতিমধ্যে তিৱা নিৰ্বাচনৰ গৰম বতাহ বলিছে মধ্য অসমৰ নগাঁও আৰু মৰিগাঁও জিলাৰ তিৱা স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত অঞ্চলসমূহত ৷ জ্ঞোৰদাৰ গতিত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে শাসকীয় বিজেপি দলৰ লগতে কংগ্ৰেছ আু অন্যান্য দলে ৷ ঐতিহাসিক জোঙালবলহু তিৱা স্বায়ত্বশাসিত পৰিষদীয় সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী প্ৰণবজ্যোতি মছৰঙৰো নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে ।

তুংগত উঠিছে তিৱা স্বায়ত শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ

নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ বাবে শাসকীয় প্ৰাৰ্থী গৰাকীয়ে স্থানীয় মন্ত্ৰী-বিধায়ক তথা দলীয় নেতা-কৰ্মীৰ সহযোগত অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান । প্ৰায় আঠ সহস্ৰাধিক ভোটাৰ আৰু তিনিগৰাকী প্ৰতিদ্বন্দী থকা ঐতিহ্যমণ্ডিত সমষ্টিটোত বিৰোধী কংগ্ৰেছী প্ৰাৰ্থী মুকুট পাটৰৰ লগত প্ৰতিদ্বন্দিতা হ'ব বুলি ধাৰণা কৰি সকলো প্ৰকাৰৰ কৌশল প্ৰয়োগ কৰিছে প্ৰাৰ্থীগৰাকীয়ে ৷ নিৰ্বাচনত শেষ হাঁহি মাৰিবলৈ সক্ষম হ'ব বুলি আশাবাদী প্ৰণবজ্যোতি মছৰঙ ।
লগতে পঢ়ক : বিটিচি নিৰ্বাচনৰ সম্পূৰ্ণ ফলাফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.