মৰিগাঁও,18আগষ্টঃ গেৰুৱা বসন পৰিধান কৰিব মধ্য অসমৰ অন্যতম ৰাজনৈতিক দল জাতীয় ঐক্য মঞ্চই। দেওবাৰে জাতীয় ঐক্য মঞ্চৰ সপ্তম প্ৰতিষ্ঠা দিবসত এই ঘোষণা দলৰ মুখপাত্ৰ অজিত ডেকাৰ। বিগত ২০১৩ চনত মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ নেতৃত্বত গঠন হোৱা তিৱা ঐক্য মঞ্চই ২০১৭ চনত জাতীয় ঐক্য মঞ্চ নামেৰে নিৰ্বাচনত অবৰ্তীণ হৈ অগ্ৰগতি লাভ কৰিছিল। ইপিনে চলিত বৰ্ষত দলটোৰ সপ্তম প্ৰতিষ্ঠা দিবস উদযাপন কৰাৰ সময়তে ৰাজনৈতিক ক্ষমতা দখলৰ উদ্দেশ্যে গেৰুৱা ৰাজনীতিত চামিল হোৱাৰ পৰিকল্পনা কৰিছে দলটোৱে।
ইতিমধ্যে বিজেপিৰ ৰাজ্যিক সমিতিৰ শীৰ্ষস্থানীয় নেতাৰে বহি আগন্তুক ৩০ আগষ্টত মৰিগাঁও বিহু তলীত চামিল হ'ব প্ৰায় ৩০/৩৫ সহস্ৰাধিক সমৰ্থকে। এই যোগদান পৰ্বত উপস্থিত থাকিব ৰাজ্য চৰকাৰৰ প্ৰভাৱ শালী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস।