ETV Bharat / state

আৰক্ষী অধীক্ষকৰ নামত ধন দাবী যুৱকৰ

author img

By

Published : Oct 3, 2020, 4:34 PM IST

মৰিগাঁও আৰক্ষীৰ জালত এগৰাকী প্ৰৱঞ্চক ৷ আৰক্ষী বিভাগত নিযুক্তি দিয়াৰ প্ৰলোভনেৰে সৰকাইছিল নগদ ধন ৷ শনিবাৰে সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে জিলা আৰক্ষী অধীক্ষক নন্দ সিং বৰকলাই ৷

Morigaon fraud arrested assam etv bharat news
আৰক্ষীৰ জালত প্ৰৱঞ্চক

মৰিগাঁও,3 অক্টোবৰ : অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পদৰ বাছনি পৰীক্ষাৰ কেলেংকাৰীয়ে ৰাজ্য কপাই তোলাৰ মাজতে মৰিগাঁৱত আৰক্ষীয়ে আটক কৰিছে এজন প্ৰৱঞ্চকক ৷ প্ৰৱঞ্চকজনে আৰক্ষীৰ কনিষ্টবল পদত নিযুক্তি দিয়াৰ নামত সৰকাইছিল প্ৰায় ডেৰ লক্ষাধিক নগদ ধন ৷ প্ৰৱঞ্চকজনে মৰিগাঁও জিলা আৰক্ষী অধীক্ষক নন্দ সিং বৰকলাৰ নামত সংগ্ৰহ কৰিছিল এই বৃহৎ পৰিমাণৰ ধন ৷ শনিবাৰে এক সংবাদমেল সম্বোধন কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰী কৰে এই কথা ৷

আৰক্ষীৰ জালত প্ৰৱঞ্চক

ঘটনাৰ বিৱৰণী অনুসৰি, নগাঁও-মৰিগাঁও সীমান্তৱৰ্তী ৰহা থানাৰ অন্তৰ্গত বালিগাঁৱৰ দেৱজিৎ লস্কৰ নামৰ এজন যুৱকে একে গাঁৱৰে এগৰাকী মহিলাৰ পৰা কনিষ্টবল পদত নিযুক্তিৰ নামত দাবী কৰিছিল প্ৰায় চাৰি লাখ টকা ৷ ইতিমধ্যে যুৱকজনক প্ৰায় ডেৰ লাখ টকা আদায় দিছিল মহিলাগৰাকীয়ে ৷ অধীক্ষকগৰাকীয়ে সংবাদমেলত সদৰী কৰা অনুসৰি,সমগ্ৰ বিষয়টোত ধন যোগানকাৰী হিচাপে জড়িত আছিল প্ৰাৰ্থীগৰাকীৰ স্বামী । অৱশ্যে ঘটনাটোৰ তদন্তৰ খাতিৰত নাম প্ৰকাশ নকৰিলে আৰক্ষীয়ে ৷

উল্লেখ্য যে, আৰক্ষী অধীক্ষকগৰাকীয়ে এই অভিযোগ লাভ কৰাৰ পিছতে নগাঁও আৰক্ষীৰ সহযোগত মৰিগাঁও আৰক্ষীয়ে প্ৰৱঞ্চকগৰাকীক আটক কৰে ৷ সম্প্ৰতি মৰিগাঁও আৰক্ষী থানাত প্ৰৱঞ্চকগৰাকীক সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে চাওকঃ শিলত চিত্ৰ অংকনেৰে কৰ’ণাৰ বিৰুদ্ধে সজাগতা সৃষ্টি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.