ETV Bharat / state

মৰিগাঁৱত বানৰ কৱলত এজন নিহত - মৰিগাঁৱত বানৰ কৱলত এজন নিহত

মৰিগাঁও জিলাত বানৰ কৱলত পৰি মৃত্যু হয় এজন লোকৰ ৷ জিলাখনৰ গড়মাৰীত সংঘটিত হয় এই ঘটনা ৷

মৰিগাঁৱত বানৰ কৱলত এজন নিহত
মৰিগাঁৱত বানৰ কৱলত এজন নিহত
author img

By

Published : Jul 15, 2020, 4:00 AM IST

মৰিগাঁও, 15 জুলাই : সংহাৰী ৰূপ ধাৰন কৰা বানৰ কৱলত পৰি ৰাজ্যত মৃত্যু আৰু এজন লোকৰ ৷ বানত ডুব যোৱা ঘৰৰ সা-সামগ্ৰী কঢ়িওৱা সময়তে ভূৰৰ পৰা পৰি অকাল মৃত্যুক সাবতি লয় মৰিগাঁৱৰ গড়মাৰীৰ অমৃত বৰদলৈ নামৰ এজন যুৱকে ৷ মঙলবাৰে বিয়লি ভাগত এখন কলৰ ভূৰত উঠি বানত ডুব যোৱা নিজ ঘৰৰ সামগ্ৰীসমূহ নিৰাপদ স্থান তথা আশ্ৰয় শিবিৰলৈ কঢ়িয়াই থাকোতে হঠাতে সংঘটিত হয় ঘটনা । ভূৰৰ পৰা পৰি যোৱা যুৱকজনক চকুৰ প্ৰচাৰতে বাঢ়নী পানীৰ কোবাল সোতে উটুৱাই নিয়ে । ইয়াৰ পাছতে যুৱকজনক স্থানীয় লোকৰ তৎপৰতাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়া হয় যদিও তেতিয়ালৈ দূৰ্ভগীয়া যুৱকজনে মৃত্যুক সাৱটি লয় ।

লগতে পঢ়কঃ মহামাৰীৰ মাজতো বানাক্ৰান্তক উদ্ধাৰত দিনে-নিশাই ব্যস্ত এনডিআৰএফ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.