মৰিগাঁও, 30 নৱেম্বৰ : "শ্বিলঙৰে মনালিছা লিংডো" এটা কালজয়ী প্ৰেমৰ গীত। সুধাকন্ঠ ভূপেন হাজৰিকা সত্তৰ দশকত গোৱা গীতটোৰ পটভূমি যে কেৱল প্ৰেম ভালপোৱা আৰু নৈসৰ্গিক শোভা বদ্ধনতেই সীমাবদ্ধ আছিল তেনে নহয় । বিভিন্নতাৰ মাজৰে সংহতিৰ সোণালী সেঁতু গঢ়ি তোলাৰ প্ৰয়াস আছিল গীতটো কালজয়ী হোৱা মন্ত্ৰ। সেই পটভূমিক নাট্যচেতনাৰ সমাজৰ আগত আগবঢ়ায় দিয়া বাবে মৰিগাঁৱৰ হাবিবৰঙাবাৰীৰ শতবৰ্ষ গৰকা ৰাস মন্দিৰৰ মঞ্চত হাতত গীটাৰ লৈ উঠিব মনালিছা ৷
প্ৰযোজক পৰিচালক তথা নাট্যকাৰ প্ৰদ্যুম্ন প্ৰতীম ৰাজখোৱাৰ নব্য চেতনাৰ ফচলবিভিন্ন শ্বিলঙৰে মনালিছা লিংডোৰ এই সম্পৰীক্ষাত কিমান সফলতা অৰ্জন কৰিব পাৰে সেয়া লক্ষণীয় হ‘ব ৷
লগতে পঢ়ক: বিটিচিৰ টকাৰে হাগ্ৰামা মহিলাৰীয়ে অগাধ সম্পত্তি গঢ়িলেঃ ইউপিপিএল