ETV Bharat / state

এন আৰ চিঃ মৰিগাঁও জিলা প্ৰশাসনৰ প্ৰস্তুতি তুংগত - মৰিগাঁও জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন আৰ চি চূড়ান্ত তালিকা প্ৰকাশলৈ মাজত মাথো দুটা দিন ৷ এনে অৱস্থাত ৰাজ্যৰ সকলোৱে ব্যস্ত হৈ পৰিছে এন আৰ চিক লৈ ৷ মৰিগাঁও জিলা প্ৰশাসনো এন আৰ চিক লৈ ব্যস্ত হৈ পৰিছে ৷ অহা 31 আগষ্টত প্ৰকাশ পাবলগীয়া চূড়ান্ত এন আৰ চিক লৈ মৰিগাঁৱৰ পৰা আমাৰ এক প্ৰতিবেদন ৷

এনআৰচিঃ মৰিগাঁও জিলা প্ৰশাসনৰ প্ৰস্তুতি তুংগত
author img

By

Published : Aug 27, 2019, 10:56 PM IST

মৰিগাঁও, 27 আগষ্টঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত প্ৰকাশলৈ মাজত মাথো কেইটামান দিন ৷ এনে অৱস্থাত ৰাজ্য প্ৰশাসনে সকলো প্ৰস্তুতি তুংগত কৰি তুলিছে ৷ জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাৰ লগতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ নহয় তাৰ প্ৰতি তীক্ষ্ন নজৰ ৰাখিছে গৃহ বিভাগে ৷ ছ'চিয়েল মিডিয়াৰ লগতে অন্যান্য সংবেদনশীল অঞ্চলৰ নিৰীক্ষণৰ বাবে মোতায়েন কৰা হৈছে অতিৰিক্ত বাহিনী ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত প্ৰকাশৰ পূৰ্বে মৰিগাঁও জিলা প্ৰশাসনো ব্যস্ত হৈ পৰিছে ৷

এনআৰচিঃ মৰিগাঁও জিলা প্ৰশাসনৰ প্ৰস্তুতি তুংগত

31 আগষ্টলৈ মাজত মাথো তিনিদিন বাকী থকা অৱস্থাত শান্তি-শৃংখলা বৰ্তাই ৰাখিবলৈ মৰিগাঁও জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘই ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই এইক্ষেত্ৰত প্ৰশাসনক সকলোধৰণৰ সহযোগিতা আগবঢ়াবলৈ সাজু বুলি কয় ৷ এন আৰ চি সন্দৰ্ভত মৰিগাঁৱৰ পৰা ৰাতুল ডেকাৰ এক প্ৰতিবেদন.....

Intro:৩১ আগষ্ট লৈ মাজত মাথো তিনিটা দি বাকী। প্ৰকাশ পাব বহু প্ৰত্যাশীত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা। উৎকণ্ঠা বাঢ়িছে ৰাজ্যৰ সকলো শ্ৰেণী নাগৰিকৰ। উল্লেখযোগ্য যে এই মাহেন্দ্ৰ ক্ষনত একাংশ দল ,সংগঠন তথা ব্যক্তিৰ উদ্ভত মন্তব্যই মহামান্য উচচতম ন্যায়ালয়ৰ হস্তক্ষেপকো বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন।
সেয়ে ৰাজ্যৰ সৰ্ববৃহৎ সামাজিক, সাংস্কৃতিক তথা ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা সকলোটি লৈ আহবান। শান্তি শৃংখলা অটুত ৰাখি প্ৰশাসনক সহযোগিতা আগবঢ়োৱাৰ আহবান।
আনহাতে ইয়াৰ পাছতো ৰৈ যোৱা ক্ৰুটি বিছ্যুতি সমূহ দূৰ কৰাৰ বাবে পুনৰ সময় পাব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই।

Body: ৮৫৫ শ্বহীদ বীৰ শ্বহীদৰ ত্যাগৰ বিনিময়ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী। খিলঞ্জীয়াৰ অসমীয়াৰ সাংবিধানিক ৰক্ষা কবচ স্বৰূপ এই এন আৰ চি।

Conclusion:ratul deka.etvbharat.morigaon
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.