ETV Bharat / state

ভোটগণনাৰ বাবে সাজু মৰিগাঁও জিলা প্ৰশাসন

author img

By

Published : May 1, 2021, 10:52 PM IST

দেওবাৰে পুৱা 7.30 বজাৰ পৰা মৰিগাঁও মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব জাগীৰোড,মৰিগাঁও আৰু লাহৰীঘাট বিধানসভা সমষ্টিৰ ভোটগণনা ৷ ভোটগণনাৰ কাম-কাজ যাতে নিয়াৰিকৈ চলে, তাৰ বাবে সম্পূৰ্ণৰূপে সাজু বুলি সংবাদমেল যোগে প্ৰকাশ কৰে মৰিগাঁও জিলা প্ৰশাসনে ৷

morigaon district administration ready for counting
ভোটগণনাৰ বাবে সাজু মৰিগাঁও জিলা প্ৰশাসন

মৰিগাঁও,1 মে’: কভিড প্ৰট’কলক মানি দেওবাৰে পুৱা 7.30 বজাৰ পৰা মৰিগাঁও মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব জাগীৰোড,মৰিগাঁও আৰু লাহৰীঘাট বিধানসভা সমষ্টিৰ ভোটগণনা ৷ মাহজোৰা অপেক্ষাৰ পিছত অনুষ্ঠিত হ’বলগা এই ভোটগণনা যাতে শান্তিপূৰ্ণভাৱে সম্পন্ন হয়, তাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি সদৰী কৰিছে মৰিগাঁও জিলা প্ৰশাসনে ।

ভোটগণনা কাৰ্যসূচীত অংশগ্ৰহণ কৰা লোকসকলে যাতে ক’ভিড বিধি মানি যাৱতীয় কাম-কাজ সময়মতে আগবঢ়াই লৈ যাব পাৰে, তাৰ কাৰণে জিলা প্ৰশাসনে সকলো ধৰণৰ দিহা কৰিছে ৷ উল্লেখযোগ্য যে, সময়মতে যাতে সকলো ৰাউণ্ডৰ ভোট গণনাৰ ফলাফল যোগান ধৰিব পাৰে, এই দিশত প্ৰয়োজনীয় কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে বুলি সংবাদমেলৰ জৰিয়তে জনাই মৰিগাঁও জিলা প্ৰশাসনে ।

লগতে পঢ়ক : কোকৰাঝাৰত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.