মৰিগাঁও, ১৭ নৱেম্বৰ : ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰালকৈ মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হ'ব ৪০০ সংখ্যক লাচিত দিৱস (preparation of Lachit Diwas in Morigaon) । এই উপলক্ষে বৃহস্পতিবাৰে মৰিগাঁও জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে জিলা উপায়ুক্ত দেৱাশিস শৰ্মাই ।
সংবাদমেল সম্বোধন কৰি উপায়ুক্ত দেৱাশিস শৰ্মা, মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষীতিশ চন্দ্ৰ পেগু, মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে জিলাখনৰ সকলো শ্ৰেণীৰ নাগৰিকক শুকুৰবাৰৰ পৰা অনুষ্ঠিত হ'ব কাৰ্যসূচীত অংশগ্ৰহণ কৰি সহায়-সহযোগিতা আগবঢ়োৱাৰ আহ্বান জনায় (400th birth anniversary of Lachit Borphukan) ।
বৃহস্পতিবাৰে সংবাদমেলত সদৰী কৰা মতে, শুকুৰবাৰে পুৱা ৩.৩০ বজাত মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা পবিতৰালৈ এক বাইক সমদল উলিওৱা হ'ব । এই ৰেলী শুভাৰম্ভ কৰিব মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশিস শৰ্মাই । ১০ বজাত অনুষ্ঠিত হ'ব মৰিগাঁও জিলা আৰক্ষীৰ কুছকাৱাজ । ১৯ নৱেম্বৰত জিলাখনৰ ৮৯ গাঁও পঞ্চায়তত থলুৱা আৰু পৰম্পৰাগত খেল-ধেমালিৰ প্ৰতিযোগিতা ।
প্ৰতিখন বিদ্যালয়ত অনুষ্ঠিত হ'ব লাচিত বৰফুকন বিষয়ক ৰচনা প্ৰতিযোগিতা । সমান্তৰালকৈ ২,১৩৬ টা অংগনৱাড়ী কেন্দ্ৰত স্থানীয় বয়োজ্যেষ্ঠ আৰু আইতা-ককাসকলৰ মাজত পুতলাৰ জৰিয়তে সাধুকথা । একেদৰে ২৪ নৱেম্বৰত মায়ঙত লাচিত বৰফুকনৰ ১০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উদ্বোধন । বাৰপূজীয়াৰ পৰা মৰিগাঁৱলৈ মাৰাথন দৌৰ প্ৰতিযোগিতা, বৰশী বোৱা প্ৰতিযোগিতা, বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত গীতৰ প্ৰতিযোগিতা । ২৫ নৱেম্বৰত দিল্লীৰ পৰা লাচিত বৰফুকন দিৱসৰ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ । হিলৈখুন্দাত লাচিত বৰফুকন শীৰ্ষক নাটকৰ উপৰি বহুকেইটা কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি সংবাদমেলত মৰিগাঁও জিলা উপায়ুক্তই সদৰী কৰে ।
উল্লেখ্য, অহা ২৩ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ তিনিদিনীয়া বিভিন্ন কাৰ্যসূচীৰে দিল্লীত অনুষ্ঠিত হ'ব লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ অনুষ্ঠান । এই জন্ম জয়ন্তীৰ প্ৰথমদিনা অৰ্থাৎ ২৩ নৱেম্বৰৰ কাৰ্যসূচীত উপস্থিত থাকিব কেন্দ্ৰীয় বিত্ত আৰু কৰ্প'ৰেট বিভাগৰ মন্ত্ৰী নিৰ্মলা সীতাৰমন (Finance Minister Nirmala Sitharaman) ।
কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে এখন প্ৰদৰ্শনীৰ উদ্বোধন কৰিব । ইয়াৰোপৰি লাচিতৰ ওপৰত এখন বিশেষ আলোচনা-চক্ৰ অনুষ্ঠিত হ'ব । ২৪ নৱেম্বৰৰ জন্ম জয়ন্তীৰ কাৰ্যসূচীত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ (Home Minister Amit Shah) । গৃহ মন্ত্ৰীয়ে সেইদিনা অনুষ্ঠিত হ'বলগা মুকলিসভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব ।
তদুপৰি, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ তাৰিখে ৪০০ সংখ্যক লাচিত দিৱসৰ অন্তিম দিনৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি দেশবাসীক সম্বোধন কৰিব (PM Narendra Modi will attend in Lachit Diwas) ।
লগতে পঢ়ক :Lurinjyoti Gogoi criticized CM: বসুন্ধৰাৰ জৰিয়তে সাম্প্ৰদায়িকতাৰ ৰহণ সানিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে