মৰিগাঁও, 23 ছেপ্টেম্বৰঃ গ্ৰামাঞ্চলৰ প্ৰতিভাক এক মঞ্চৰ জৰিয়তে উলিয়াই অনাৰ প্ৰয়াস মৰিগাঁৱত ৷ গ্ৰামাঞ্চলৰ সুপ্ত প্ৰতিভাক প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যেৰে আয়োজিত কৰা হয় দিবা নৈশ সমৰকলা তথা কিক-বক্সিং প্ৰতিযোগিতা ৷
উল্লেখ্য যে, ভূৰবন্ধাৰ কিক-বক্সিং একাডেমী আৰু ৰাজ্যিক কিক বক্সিং ফেডাৰেচনৰ সহযোগত ভূৰবন্ধাৰ ৰাসমণ্ডপৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই প্ৰতিযোগিতাখন ৷ জিলা ভিত্তিত অনুষ্ঠিত এই প্ৰতিযোগিতাত জিলাখনৰ বিভিন্ন স্থানৰ পৰা আশী গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে ৷
উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়া মতে প্ৰতিযোগিতাখনত ৰাজ্যিক কিক-বক্সিং ফেডাৰেচনৰ কেন্দ্ৰীয় নেতৃত্ব,জ্যেষ্ঠ সমৰকলাবিদে অংশ গ্ৰহণ কৰাৰ লগতে মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ ক্ৰীড়ানুৰাগী,বিশিষ্ট ব্যক্তিকে প্ৰমুখ্যে কৰি কেইবাশতাধিক লোক উপস্থিত থাকে ৷ আনহাতে দিবা নৈশ প্ৰতিযোগিতাখনত বিজয়ী সকলে পদক লাভ কৰাৰ বিপৰীতে সমৰকলা প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি স্বকীয় প্ৰতিভা বিকাশৰ সুবিধা লাভ কৰাৰ বাবে আনন্দ প্ৰকাশ কৰে প্ৰতিযোগীসকলে ৷