মৰিগাঁও,১ জুলাইঃ মৰিগাঁৱত আধুনিক নৃত্য নিয়ামক আৰু গৱেষণা সংস্থাৰ উদ্যোগত অনুষ্ঠিত হয় আধুনিক নৃত্যৰ তিনি দিনীয়া কৰ্মশালা । দেওবাৰে বিচাৰক তথা প্ৰশিক্ষকৰ বৈঠকৰ লগতে বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীৰে সামৰণি পৰে আধুনিক নৃত্যৰ কৰ্মশালাখন ।
দেওবাৰে মৰিগাঁও বিহুতলিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰে জাতীয় ঐক্যমঞ্চৰ মুখপাত্ৰ অজিত ডেকাই । মৰিগাঁও জিলা আধুনিক নৃত্য নিয়ামক আৰু গৱেষণা সংস্থাৰ সম্পাদক যতীন ডেকাই আঁতধৰা মুকলিসভাখনত ৰাজ্যৰ কেইবাগৰাকী আধুনিক নৃত্যৰ গৱেষক আৰু সংস্কৃতি সাধকে বক্তব্য ৰখাৰ অন্তত অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান । বিহু নৃত্যৰপৰা আৰম্ভ কৰি সত্ৰীয়া নৃত্য,দেশপ্ৰেম মূলক নৃত্যৰ পৰিৱেশনে উপস্থিত সকলোকে আপ্লুত কৰে । উল্লেখ্য যে, ৰাজ্যৰ একাংশ বিচাৰক ফিক্সিঙৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত জিলা সভাপতি ডঃ প্ৰশান্ত খাউণ্ডে কয় এনেবোৰ অভিযোগ নিৰাময় কৰাৰ লক্ষ্যৰে সংস্থাই প্ৰস্তুত কৰিছে নিজস্ব সংবিধান । আনহাতে ৰাজ্যৰ তিনিগৰাকী বিশেষ সাংস্কৃতিক গৱেষক ক্ৰমে সদা হাজৰিকা, মৃণাল কুমাৰ বৰা আৰু জুলি বৰাৰ জৰিয়তে অনুষ্ঠিত কৰা হয় এই তিনিদিনীয়া কৰ্মশালাখন ।