ETV Bharat / state

মৰিগাঁৱত ক'ভিডত আক্ৰান্তৰ সংখ্যা ২৪৬৮ জনলৈ বৃদ্ধি

author img

By

Published : May 16, 2021, 11:37 AM IST

মৰিগাঁৱত ক্ৰমান্বয়ে ভয়াৱহ হৈ পৰিছে ক'ভিড পৰিস্থিতি । শনিবাৰৰ দিনটোত জিলাখনত ২১৩ জন লোক মহামাৰীত আক্ৰান্ত হয় । বৰ্তমানলৈকে জিলাখনত ২৪৬৮ জনলৈ বৃদ্ধি পাইছে ক'ভিডত আক্ৰান্তৰ সংখ্যা ৷

Morigaon Covid data
মৰিগাঁৱত ২৪৬৮ জনলৈ বৃদ্ধি ক'ভিডত আক্ৰান্ত লোকৰ সংখ্যা

মৰিগাঁও, ১৬ মে': অসমৰ প্ৰতিখন জিলাতে বৃদ্ধি পাইছে ক'ভিড-১৯ ৰ সংক্ৰমণৰ হাৰ । মৰিগাঁও জিলাত ২৪৬৮ জনলৈ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা । শনিবাৰে মৰিগাঁৱৰ বিভিন্ন ক'ভিড পৰীক্ষা কেন্দ্ৰত ১৭৬০ গৰাকী লোকৰ নমুনা পৰীক্ষা কৰোৱা হয় । জিলাখনত শনিবাৰে ২১৩ জন লোকৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ উপস্থিতি ।

যোৱা ১ এপ্ৰিলৰ পৰা জিলাখনত মুঠ ৫৬,৫৯১ গৰাকী লোকৰ ৰেপিড এণ্টিজেন পৰীক্ষা সম্পন্ন কৰা হৈছে । জিলা স্বাস্থ্য বিভাগৰ তথ্য মতে, শনিবাৰলৈকে মুঠ ১২০০ গৰাকীক ক'ভিড মুক্ত ঘোষণা কৰা হৈছে । যোৱা ২৪ ঘণ্টাত ৩৩ গৰাকী ৰোগীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয় । জিলাখনত হোম আইচ'লেছনত থকা ৰোগীৰ সংখ্যা ১১৯২ জন আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা ৭২ গৰাকী বুলি স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জানিবলৈ দিছে । আনহাতে, জিলাখন ১০ গৰাকী লোকৰ মৃত্যু হৈছে । গতিকে সকলোকে সজাগতা বৃদ্ধিৰ বাবে আহ্বান জনাই প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগে ।

লগতে পঢ়ক: টিংৰাই বিস্ফোৰণত জড়িত থকা সন্দেহত এজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.