ETV Bharat / state

মৰিগাঁৱত পুনৰ 34 গৰাকীৰ দেহত ক’ভিড 19

author img

By

Published : Apr 26, 2021, 6:51 AM IST

মৰিগাঁৱত দেওবাৰে 917 গৰাকী লোকক কৰা ক’ভিডৰ এণ্টিজেন পৰীক্ষাত 34 গৰাকীৰ দেহত ধৰা পৰে ভাইৰাছবিধৰ অৱস্থিতি ৷ দেওবাৰৰ দিনটোত জিলাখনত আক্ৰান্তৰ সংখ্যা 302 গৰাকীলৈ বৃদ্ধি পায় ।

মৰিগাঁৱত পুনৰ 34 গৰাকীৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰে

মৰিগাওঁ,26 এপ্ৰিল: মৰিগাঁৱতো ক্ৰমান্বয়ে ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ৷ দেওবাৰে জিলাখনৰ বিভিন্ন ক’ভিড পৰীক্ষা কেন্দ্ৰত 917 গৰাকী ব্যক্তিৰ ক’ভিড 19 ৰ পৰীক্ষা সম্পন্ন কৰা হয় । জিলা স্বাস্থ্য বিভাগে জনোৱা মতে, বিগত 1 এপ্ৰিলৰ পৰা জিলাখনত বৰ্তমানলৈকে প্ৰায় 26,663 গৰাকী লোকৰ ৰেপিড এণ্টিজেন পৰীক্ষা সম্পন্ন কৰা হৈছে ৷ ইয়াৰে 302 গৰাকীৰ দেহত ক’ভিড 19 ধৰা পৰে । শনিবাৰে জিলাখনত মুঠ 34 গৰাকীৰ দেহত ভাইৰাছবিধৰ অৱস্থিতি ধৰা পৰে ।

উল্লেখ্য যে, দেওবাৰে এগৰাকী ব্যক্তিক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়াৰ বিপৰীতে বৰ্তমানলৈকে 22 গৰাকী ব্যক্তি সুস্থ হৈ ঘৰলৈ উভতিছে ৷ সম্প্ৰতি 12 গৰাকী ক’ভিড আক্ৰান্ত ব্যক্তি চিকিৎসাধীন হৈ আছে । স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ কৰা অনুসৰি, মৰিগাঁৱত 271 গৰাকী আক্ৰান্ত ব্যক্তিয়ে হোমা আইচ’লেছনত আছে ৷

লগতে পঢ়ক : কৰ’নাত আক্ৰান্ত হৈ বৰপেটাত পুনৰ এগৰাকীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.