মৰিগাঁও, 19 আগষ্ট : মৰিগাঁৱৰ এজন যুৱক, লক্ ডাউনৰ মাজতে তেওঁ সাজি উলিয়াইছে এখন বিশেষ বাহন ৷ যাৰ বাবে বৰ্তমান জিলা খনত চৰ্চা লাভ কৰিছে এই যুৱকজনে ৷ যুৱক জনৰ নাম মিণ্টু ডেকা ৷ কোনো ধৰণৰ আভিযান্ত্ৰিক অথবা কাৰিকৰী শিক্ষা নাই তেওঁৰ ৷ সৰুৰে পৰা কিন্তু তেওঁ মনত পুহি ৰাখিছিল গাড়ী নিৰ্মাণৰ সপোন ৷ কিন্তু হাতত আৰ্থিক সম্বল নথকাৰ বাবে তেওঁ আগবাঢ়িব পৰা নাছিল ৷ লক্ ডাউনৰ মাজতে সূদত টকা ধাৰলৈ লৈ মিন্টুৱে ক্ৰয় কৰিলে গেৰেজত পৰি থকা এটা বাইকৰ ইঞ্জিন আৰু গাড়ীত ব্যৱহৃত কেতবোৰ সা-সঁজুলি ৷ তাৰেই মিন্টুৱে নিৰ্মাণ আৰম্ভ কৰিলে গাড়ীখনৰ ৷
পেট্ৰ’ল চালিত এই বিশেষ গাড়ীখনত বহিব পাৰে চালকসহ তিনিজন মানুহ ৷ ঘন্টাত 14 কিলোমিটাৰ দূৰ অতিক্ৰম কৰিব পাৰে গাড়ীখনে ৷ এই বিশেষ গাড়ীখন নিৰ্মাণত বৰ্তমানলৈকে তেওঁ ব্যয় কৰিছে 75 হাজাৰ টকা ৷
আমাৰ চৰকাৰে এডভান্টেজ আসামৰ কথা কয়, কিন্তু তাৰ বাস্তৱ প্ৰতিফলন বৰ্তমানলৈকে পৰিলক্ষিত হোৱা নাই ৷ চৰকাৰে যদি এনে মিন্টুৰ দৰে যুৱকক এডভান্টেজ আসামৰ দ্বাৰা সহায় কৰে, তেন্তে নিবনুৱা সমস্যা দুৰীকৰণৰ এটা বাট মুকলি হ’ব পাৰে ৷
লগতে পঢ়ক : নাওবৈচাত বান সাহায্যৰ নামৰ অনিয়মৰ অভিযোগ বানাক্ৰান্তৰ