মৰিগাঁও, 22 : এটা অতি প্ৰাচীন মন্দিৰ ৷ প্ৰাচীন কিংবদন্তী সমলৰে ভৰপূৰ এই মন্দিৰটোৰ নাম সীতাজখলা ৷ ঐতিহাসিক গোভাৰাজ্যৰ কিলিং নৈৰ পাৰৰ সীতাজখলা পাহাৰত অৱস্থিত এই মন্দিৰ । নদী আৰু পাহাৰৰ অপূৰ্ব সৌন্দৰ্যৰে পৰিপূৰ্ণ এই তপোবন ।
এই তপোবনক লৈ আজিও প্ৰচলিত নানা লোক কথা তথা জনশ্ৰুতি । কিয়নো প্ৰভাতী সূৰুযৰ কিৰণে প্ৰতিদিনেই আলোকিত কৰে সীতাজখলাক ।
লোকগাঁথা মতে, ৰাৱণে হৰি নিয়াৰ পাছত অয্যোধালৈ সীতা উভতি অহাত শ্ৰী ৰাম চন্দ্ৰই পত্নী সীতাক সূৰুযমুখী তপোবনত থ'বলৈ ভাতৃ লক্ষ্মণক আদেশ দিয়াত সীতাজখলাৰ এই তপোবনতে এৰি থৈ গৈছিল ।
কিংবদন্তী অনুসৰি, এই তপোবনৰ উচ্চ শিখৰত আছিল ঋষি বাল্মিকীৰ আশ্ৰম । তপ কৰি থকাৰ সময়তে সকলো অৱগত হৈ নিজ আশ্ৰমতেই সীতাক আশ্ৰয় দিছিল ৷ তাতেই জন্ম হৈছিল লৱ-কুশ দুই ভাতৃৰ ৷ ইয়াত সীতাজখলা মন্দিৰৰ পৰা কিলিং নৈৰ পাৰলৈ এটা প্ৰাচীন শিলেৰে বন্ধোৱা বাট আছে । প্ৰচলিত জনবিশ্বাসৰ মতে এই মন্দিৰত আছে এশ পছিশটা খটখটী । স্বয়ং বিশ্বকৰ্মাই এই খটখটী নিৰ্মাণ কৰিছিল বুলি আছে জনবিশ্বাস ৷
বিভিন্ন সময়ত অসংখ্য ভক্তৰ সমাগম ঘটি আহিছে এই মন্দিৰলৈ ৷ সেয়েহে অয্যোধাত শ্ৰী শ্ৰী ৰাম চন্দ্ৰৰ মন্দিৰ নিৰ্মাণৰ পাছতেই সীতা দেৱীৰ মন্দিৰ নিৰ্মাণৰ দাবী উত্থাপন কৰিছে মন্দিৰৰ পূজাৰী তথা সাধাৰণ লোকে । মহাকাব্যৰ পৰিঘটনাৰে সংপৃক্ত এই মন্দিৰটো পৰ্যটন ক্ষেত্ৰ ৰূপে গঢ় দিয়াৰ এক থল আছে ৷ অসম চৰকাৰে থলুৱা পৰ্যটনৰ উৎকৰ্ষ সাধনৰ বাবে যি অসম দৰ্শন আঁচনি ৰূপায়নৰ সিদ্ধান্ত লৈছে, সেই আঁচনিৰ অধীনত সীতাজখলা মন্দিৰকো সামৰি ল’ব পৰা যায় ৷ তেতিয়াহে এই মন্দিৰে জনমানসত নিজৰ ইতিহাস সমৃদ্ধ পৰিচিতি লাভ কৰিব ৷
লগতে পঢ়ক : আন্তঃৰাষ্ট্ৰীয় গঁড় দিৱসঃ কাইলৈ মুক্তি পাব কেভিন পিটাৰচেনৰ এশিঙীয়া গঁড়ৰ তথ্যচিত্ৰ