ETV Bharat / state

মৰিগাঁৱত অসম জাতীয় পৰিষদৰ মনোনীত প্ৰাৰ্থী বাণীকান্ত দাসৰ সংবাদমেল

আনক সমালোচনা কৰি ভোট ল'ব নোৱাৰি, বোকা ছটিওৱা খেল বেয়া পাও ৷ সোমবাৰে মৰিগাঁৱত অসম জাতীয় পৰিষদৰ মনোনীত প্ৰাৰ্থী বাণীকান্ত দাসে এখন সংবাদমেল সম্বোধন কৰি এইদৰে মন্তব্য কৰে ৷

মৰিগাঁৱত সংবাদমেল অসম জাতীয় পৰিষদৰ মনোনীত প্ৰাৰ্থী বাণীকান্ত দাসৰ

author img

By

Published : Mar 16, 2021, 7:42 AM IST

মৰিগাঁও,16মাৰ্চ: ''মই কাকো বোকা নছটিয়াও আৰু মোৰ গালৈও বোকা ছটিয়াবলৈ নিদিও, মোৰ মনত সকলো সমান''। সোমবাৰে মৰিগাঁও বিধান সভা সমষ্টিৰ অসম জাতীয় পৰিষদৰ মনোনীত প্ৰাৰ্থী বাণীকান্ত দাসে এখন সংবাদমেল সম্বোধন কৰি এইদৰে মন্তব্য কৰে ৷ মৰিগাঁও লঠাবড়ী গেছ এজেঞ্চিৰ প্ৰাংগণত সম্বোধন কৰা এই সংবাদমেলত মৰিগাঁও সমষ্টিৰ বাসীৰ পৰা অফুৰন্ত সহায় সহযোগিতা লাভ কৰা বুলি সদৰী কৰে বাণীকান্ত দাসে ৷ ইয়াৰ লগতে, মই বহু দল-সংগঠনক যথা সময়ত লগ কৰিব পৰা নাই, এনে সময়ত প্ৰাৰ্থী হিচাপে মই যাব লাগে ৷ কিন্তু আমাৰ ওচৰলৈ ৰাইজ নিজেই আহিছে বুলি মন্তব্য কৰে বাণীকান্ত দাসে ।

মৰিগাঁৱত সংবাদমেল অসম জাতীয় পৰিষদৰ মনোনীত প্ৰাৰ্থী বাণীকান্ত দাসৰ

ইয়াৰ লগতে অসম জাতীয় পৰিষদৰ মনোনীত প্ৰাৰ্থী গৰাকীয়ে কয় যে, বিৰোধী ৰাজনৈতিক প্ৰতিদ্বন্দী সকলকো মই বেয়া নাপাওঁ । আমি ইয়াত ৰাজনৈতিক বাতাবৰণত পৰি খিয়লা-খিয়লি কৰি লাভ নাই । কাৰণ ৰাজনৈতিক নেতাসকল ৰাজনৈতিক ভাৱে অহি-নকুলৰ দৰে থাকিলেও ৰাজনৈতিক ক্ষেত্ৰ খনৰ বাহিৰত সৌহাদ্যপূৰ্ণ ভাৱে চলি থাকে । এই সংবাদমেলত আনক সমালোচনা কৰিলে বা বেয়া কথা কলেই যে মানুহে ভোট দিব সেই বুলি মই নাভাবো বুলি মন্তব্য কৰে বাণীকান্ত দাসে ।

উল্লেখ্য যে, সোমবাৰে সম্বোধন কৰা এই সংবাদমেলত মৰিগাঁও সমষ্টি সমিতিৰ সভাপতি অৰবিন্দ হাজৰিকা, সম্পাদক ৰাজু বৰদলৈ, সমন্বয়ক আৰু আহ্বায়ক ক্ৰমে জয়ন্ত ডেকা, তিৱা সুৰক্ষা সমিতিৰ প্ৰচাৰ সম্পাদক চিজয় দেউৰী, মহিলা কল্যাণ পৰিষদ সভানেত্ৰী টুটুমণি ডেকাৰজাৰ লগতে দলৰ ভালে সংখ্যক জ্যেষ্ঠ নেতাই অংশ গ্ৰহণ কৰে ৷

অন্য এক খবৰৰ বাবে: অখিল গগৈৰ মাতৃক সাক্ষাৎ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.