ধিঙ,7 জানুৱাৰী: বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই বৃহস্পতিবাৰে নিজ পুঁজিৰে নিৰ্মাণ কৰি উলিওৱা দুটা অনুষ্ঠানৰ স্থায়ী কাৰ্যালয় উদ্বোধন কৰে ৷ বৃহস্পতিবাৰে বিধায়িকা গৰাকীয়ে ধিং প্ৰেছ ক্লাৱৰ স্থায়ী কাৰ্যালয় গৃহৰ শুভ উদ্বোধন কৰে ৷ ধিং প্ৰেছ ক্লাৱৰ স্থায়ী কাৰ্যালয়ৰ লগতে বিধায়িকা গৰাকীয়ে ধিং জ্যেষ্ঠ নাগৰিকৰ কাৰ্যালয় গৃহৰো উদ্বোধন কৰে ৷
জানিব পৰা মতে 1995 চনতে ধিং প্ৰেছ ক্লাৱ গঠিত হৈছিল যদিও দীৰ্ঘদিনৰ পৰা এটা স্থায়ী গৃহৰ অভাৱ হৈ আছিল ৷ অৱশেষত বিধায়িকা গৰাকীয়ে নিজ পুঁজিৰে ধিং প্ৰেছ ক্লাৱৰ স্থায়ী গৃহটো নিৰ্মাণ কৰাৰ বাবে লোৱা এই পদক্ষেপক সকলোৱে আদৰণি জনাইছে ৷
বৃহস্পতিবাৰৰ দিনটোতে ধিং বাসী ৰাইজৰ বহুদিনীয়া আশা পূৰ্ণ কৰি বিধায়িকা গৰাকীয়ে শ্বহীদ ভৱনৰো নিৰ্মাণ সম্পূৰ্ণ কৰি উদ্বোধন কৰাৰ লগতে অসম দৰ্শনৰ অধীনত ধিঙৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী জগন্নাথ মন্দিৰত এটি যাত্ৰী নিৱাস গৃহৰ আধাৰশিলা স্থাপন কৰে ৷