ETV Bharat / state

Loksabha Election 2024 : ’ৰাহুল গান্ধীয়ে অসমত মূৰ ঘমাই লাভ নাই’ মন্ত্ৰী পীযুষ হাজৰীকা

author img

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 4:39 PM IST

মৰিগাঁৱৰ আঁহতগুৰিত আচাৰ্য ফণী দাস বাপ সোঁৱৰণী মঞ্চ আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে জাগীৰোডৰ বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰীকাই । আগন্তুক লোকসভা আৰু বিধানসভা আসন সন্দৰ্ভতো ভৱিষ্যতবাণী মন্ত্ৰীগৰাকীৰ ।

minister piyush hazarika in Morigaon
আঁহতগুৰিত মন্ত্ৰী পীয়ুষ হাজৰীকা
আঁহতগুৰিত মন্ত্ৰী পীয়ুষ হাজৰীকা

মৰিগাঁও, 24 ছেপ্টেম্বৰ: দেওবাৰে মৰিগাঁও জিলাৰ আঁহতগুৰিত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰীকাই ৷ আঁহতগুৰিত মন্ত্ৰী পীয়ুষ হাজৰীকাই আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে আচাৰ্য ফণী দাস বাপ সোঁৱৰণী মঞ্চ ।

দেওবাৰে মৰিগাঁও জিলাৰ আঁহতগুৰিত শ্ৰীমন্ত শংকৰদেৱ কীৰ্ত্তন ঘৰ আৰু নাটশালাৰ উদ্ধোধন কৰি সংবাদ মাধ্যমৰ আগত জাগীৰোডৰ বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰীকাই অসম চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়ে উল্লেখ কৰি ৰাজ্যখনৰ 75 হাজাৰ শিক্ষিত যুৱক-যুৱতীয়ে চাকৰি লাভ কৰাৰ বিষয়ে সদৰী কৰে ৷ মন্ত্ৰী হাজৰীকাই গৃহ গাঁও আঁহতগুৰিত কোচিং চেন্টাৰৰ জৰিয়তে যুৱকসকলক প্ৰশিক্ষিত কৰাৰ বাবে আহবান জনায় । লগতে তেওঁ ৰাজ্যখনৰ ভিতৰতে যাতে আঁহতগুৰিৰ ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ বৃদ্ধি আৰু চাকৰিৰ ক্ষেত্ৰতো যাতে আন অঞ্চলতকৈ অধিক উন্নত ফলাফল হয় তাৰ বাবে সকলো ৰাইজৰ দিহা পৰামৰ্শ সহায়- সহযোগিতা কামনা কৰে ।

উদ্ধোধনী অনুষ্ঠানটোত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত আগবঢ়ায় গুৰুত্বপূৰ্ণ মন্তব্য ৷ সংবাদ মাধ্যমৰ আগত মন্ত্ৰী পীযুষ হাজৰীকাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতা সন্দৰ্ভতো প্ৰতিক্ৰিয়া আগবঢ়ায় ৷ দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ মন্ত্ৰী পীযুষ হাজৰীকাই কয়, "ৰাহুল গান্ধীয়ে অসমত মূৰ ঘমাই লাভ নাই । লোকসভা নিৰ্বাচনত আমি ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজ্যৰ মুঠ 14 খন আসনৰে কমেও 11 বা 12 খন লোকসভা আসন দখল কৰিম । আনহাতে ৰাজ্যৰ 126 খন বিধান সভা আসনৰে বিজেপিয়ে কমেও 102 বা 103 খন আসন থাকিব বিজেপি দলৰ দখলত ।"

লগতে পঢ়ক: Stopping running train: 11 বছৰীয়া মুৰ্চেলিমৰ প্ৰত্যুৎপন্নমতিতাৰ বাবেই জীৱন ৰক্ষা পৰিল শতাধিকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.