ETV Bharat / state

সত্তৰ শতাংশ ৰেহাই মূল্যত ট্ৰেক্টৰ বিতৰণ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ

author img

By

Published : Aug 2, 2020, 5:28 PM IST

মুখ্য মন্ত্ৰী সমগ্ৰ গ্ৰাম্য ঊন্নয়ন আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ ট্ৰেক্টৰ বিতৰণৰ শুভাৰম্ভণী কৰে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ূষ হাজৰিকাই ৷ এই আঁচনিৰ জড়িয়তে ৮০০০ হাজাৰ টা গোটৰ মাজত বিতৰণ কৰিছে ট্ৰেক্টৰ ৷

MINISTER PISUSH HAZARAIKA ATTENDED AT MORIGAON
জাগীৰোডত সত্তৰ শতাংশ ৰেহাই মূল্যত ট্ৰেক্টৰ বিতৰণ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ

মৰিগাঁও, 2 আগষ্টঃ দেওবাৰে মৰিগাঁৱত উপস্থিত হয় অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী তথা জাগীৰোডৰ বিধায়ক পীয়ূষ হাজৰিকা ৷ মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ ট্ৰেক্টৰ বিতৰণৰ শুভাৰম্ভণী কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই ।

দেওবাৰে মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত জাগীৰোড গড়কাপ্তানি বিভাগৰ পৰিৰ্দশন বাংলোৰত অনুষ্ঠিত মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন আঁচনিৰ অধীনত কৃষি আৰু বাণিজিক গোটৰ মাজত ট্ৰেক্টৰ বিতৰণৰ শুভাৰম্ভ কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই । এই অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী জনে সাংবাদিকৰ আগত মন্তব্য কৰে যে, সোণোৱাল চৰকাৰখনে তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ দুখীয়া কৃষকৰ বাবে হাতত লৈছে 'সমগ্ৰ গ্ৰাম্য উন্নয়ন আঁচনি' ৷ ইফালে এই আঁচনিৰ জৰিয়তে প্ৰথম পৰ্যায়ত বহু লোকে লাভ কৰিলে ট্ৰেক্টৰ ৷ আনহাতে, দ্বিতীয় পৰ্যায়তো এই আঁচনিৰ জৰিয়তে আৰম্ভ হৈছে ট্ৰেক্টৰ বিতৰণ প্ৰক্ৰিয়া ৷

এই মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ ট্ৰেক্টৰ বিতৰণৰ শুভাৰম্ভ কৰিবলৈ পাই মই নিজকে ধন্য মানিছো । যই নিজেও পৰোক্ষ আৰু প্ৰত্যক্ষ ভাবে কৃষি কৰ্মৰে জড়িত । সেয়ে চহা কৃষকৰ মৰ্ম বেদনাৰ বিষয়ে মই ভালদৰে জানো । আমাৰ চৰকাৰৰ এই আঁচনিৰে ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব । এই আঁচনিয়ে ৰাজ্যৰ গ্ৰাম্য কৃষি অৰ্থনীতত আমোল পৰিৰ্ৱতন ঘটাব । ইতিমধ্যে ৰাজ্যৰ প্ৰতিখন গাঁৱত এই আঁচনিৰ জড়িয়তে ৮০০০ হাজাৰ টা গোটৰ মাজত বিতৰণ কৰা হৈছে এই সুলভমূল্যৰ ট্ৰেক্টৰ ।

জাগীৰোড সমষ্টিটো দিয়া হৈছে বহু কেইখন ট্ৰেক্টৰ । আঠ লাখ টকীয়া ট্ৰেক্টৰ মাত্ৰ আঢ়ৈ লাখ টকাতে পাইছে কৃষকে। বাকী চাৰে পাঁচলাখ টকা আমাৰ চৰকাৰে বহন কৰিব । কৃষকক সত্তৰ শতাংশ ৰেহাই মূল্যত ট্ৰেক্টৰ দিয়াৰ বাবে ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব বুলি মন্তব্য কৰে ৰাজ্যিক মন্ত্ৰী পীয়ূষ হাজৰিকাই ৷

লগতে পঢ়ক- মহানগৰীত যান-বাহন আৰক্ষীৰ তালাচী অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.