ETV Bharat / state

Minister Pijush Hazarika : গৌৰৱ গগৈয়ে প্ৰদ্যুৎ বৰদলৈৰ সমষ্টিত আহি অসুবিধাৰ সৃষ্টি কৰিছে;পীযুষ হাজৰীকা

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 7:10 PM IST

মৰিগাঁৱৰ বঘৰাত নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয়ৰ কামৰ অগ্ৰগতিৰ বুজ ল'লে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ গৌৰৱ গগৈক কটাক্ষ মন্ত্ৰী গৰাকীৰ ৷ গৌৰৱ গগৈ আহি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক অসুবিধা দিয়া দেখিবলৈ পাইছোঁ বুলি মন্তব্য কৰে তেওঁ ৷

Minister Pijush Hazarika Slams MP Gaurav Gogoi
গৌৰৱ গগৈক সমালোচনা মন্ত্ৰী পীযুষ হাজৰীকাৰ
মৰিগাঁৱৰ বঘৰাত মন্ত্ৰী পীযুষ হাজৰীকা

মৰিগাঁও, 24 আগষ্ট : মৰিগাঁৱৰ বঘৰাত উপস্থিত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা ৷ বঘৰাত নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয়ৰ কামৰ অগ্ৰগতিৰ বুজ ল'লে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ বঘৰাত উপস্থিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷

কংগ্ৰেছ নেতা তথা সাংসদ গৌৰৱ গগৈয়ে বিজেপি দলত জ্যেষ্ঠ সকলক সন্মান দিয়া নহয় বুলি কৰা মন্তব্য সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে সাংসদগৰাকীক তীব্ৰ কটাক্ষ কৰে ৷ তেওঁ কয় যে, গৌৰৱ গগৈ ডাঙৰীয়াই আমাক শিকাবলৈ চেষ্টা কৰিছে ৷ কিন্তু আমি জানো জ্যেষ্ঠসকলক সন্মান দিছোঁ নে নাই দিয়া ৷ তেখেতে যিহেতু নীতিৰ বচন দিছে, কিন্তু তেখেততকৈ বহু জ্যেষ্ঠ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে প্ৰতিনিধিত্ব কৰা নগাঁও সমষ্টিত কিয় অসুবিধা কৰে ৷ এইটো সমষ্টি গৌৰৱ গগৈৰ নহয় ৷ কিন্তু গৌৰৱ গগৈ আহি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক অসুবিধা দিয়া দেখিবলৈ পাইছোঁ বুলি মন্তব্য কৰে তেওঁ ৷

মন্ত্ৰীজনে কয় যে, কেইদিনমান পাছত এই দুয়োজন নেতাৰ যুদ্ধখন ৰাইজৰ মাজলৈ আহিব ৷ সভাই-সমিতিয়ে যেতিয়া তেওঁলোকৰ সমৰ্থকে মাৰ-পিট লাগিব, সেই দিনতো দেখিবলৈ নগাঁওবাসী, মৰিগাঁওবাসীৰ বেছি দিন নাই বুলি কয় তেওঁ ৷

গৌৰৱ গগৈয়ে নিজকে ইমান ডাঙৰ নেতা বুলি জাহিৰ কৰে, তেওঁ য’তে ত’তে খেলিব লাগে বুলি কয় মন্ত্ৰীজনে ৷ তেওঁ যিহেতু যোৰহাটৰ মানুহ তালৈকে যাব লাগে ৷ মন্ত্ৰীজনে কয় যে, মুছলমান ৰাইজৰ অক্সিজেন লবলৈকে কলিয়াবৰলৈ আহিল ৷ কিন্তু এতিয়া কলিয়াবৰ কাজিৰঙা হৈ গ’ল ৷ যিহেতু এতিয়া কাজিৰঙাত মুছলমান ৰাইজৰ সংখ্যা কমি গ’ল সেয়েহে এতিয়া তেওঁ পুনৰ নগাঁৱলৈ আহিছে ৷ এতিয়া নগাঁৱত কিবাকে জিকিব পাৰি নেকি সেয়া চেষ্টা কৰিছে তেওঁ বুলি মন্তব্য কৰে মন্ত্ৰীজনে ৷

লগতে পঢ়ক : APCC President Bhupen Borah : অসমৰ তিনিটা আঞ্চলিক দলক INDIA ৰ অন্তৰ্ভুক্ত হোৱাটো বিচাৰিছে ভূপেন বৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.