ETV Bharat / state

Pijush Hazarika to Gaurav Gogoi: খুড়াক দ্বীপ গগৈক ডেগাৰ মাৰি সাংসদ হ’ল গৌৰৱ গগৈ; পীযুষ হাজৰিকাৰ বাক্যবাণ - SCAM in Assam

অব্যাহত আছে মুখ্যমন্ত্ৰী পত্নীৰ ভূমি বিতৰ্ক ৷ বিৰোধী সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক এই সন্দৰ্ভত উভতি ধৰাৰ পিচতে জাগীৰোডৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাই সাংসদ গৌৰৱ গগৈক সামাজিক মাধ্যমযোগে উত্তৰ দিয়াৰ বাবে প্ৰত্যাহ্বান জনায় । ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ লগতে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ভৰত নৰহকো আক্ৰমণ কৰে মন্ত্ৰী হাজৰীকাই ৷

PIjush Hazarika reacts on MP gaurav gogois comment
মন্ত্ৰী পীযুষৰ ব্যক্তিগত আক্ৰমণ সাংসদ গৌৰৱ গগৈক
author img

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 12:54 PM IST

মন্ত্ৰী পীযুষৰ ব্যক্তিগত আক্ৰমণ সাংসদ গৌৰৱ গগৈক

মৰিগাঁও, 17 ছেপ্টেম্বৰ: "আমাৰ সৈতে গৌৰৱ গগৈয়ে কোনো দিন ছাত্ৰ কংগ্ৰেছ, যুৱ কংগ্ৰেছ কৰা নাই । বাহিৰলৈ পঢ়িবৰ বাবে গ'ল । কোনোদিনে কংগ্ৰেছ নকৰা গৌৰৱ গগৈ সাংসদ হ’ল কেনেকৈ" এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ । উল্লেখ্য যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ ভূমি বিতৰ্ক আৰু ৰাজসাহায্য লাভৰ বিষয়টোৱে ৰাজ্যৰ ৰাজনীতিত লাভ কৰিছে বিশেষ চৰ্চা ৷ বিৰোধীয়ে বিষয়টোৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে দলটোক সমালোচনাৰে থকা-সৰকা কৰা দেখিবলৈ পোৱা গৈছে ৷ আনহাতে, শাসকীয় বিজেপি দলে চল-চাতুৰীৰে বিষয়টোৰ পৰা গা এৰায় চলা পৰিলক্ষিত হৈছে ৷

উল্লিখিত বিতৰ্কটো সন্দৰ্ভত সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক উভতি ধৰাৰ পিচত মন্ত্ৰী হাজৰীকাই এই সন্দৰ্ভত গৌৰৱ গগৈক আক্ৰমণ কৰে । মন্ত্ৰী পীযুষ হাজৰীকাই কয়, "খুড়াক দ্বীপ গগৈক ডেগাৰ মাৰি, কলিয়াবৰৰ পৰা আঁতৰাই কেৱল পিতৃৰ বলত সাংসদ হৈছে গৌৰৱ গগৈ ৷ এই কথা সকলোৱে জানে । আজিৰ প্ৰজন্মৰ হয়তো দুই এজনে নাজানে । গতিকে মই সামাজিক মাধ্যমৰ জৰিয়তে সাংসদ গৌৰৱ গগৈক প্ৰশ্ন সুধিছোঁ । সামাজিক মাধ্যমৰ জৰিয়তে সাংসদ গৌৰৱ গগৈয়ে ইয়াৰ উত্তৰ দিয়ক ।"

জাগীৰোডত কংগ্ৰেছী সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে সৰৱ হোৱাৰ লগতে মন্ত্ৰী পীযুষ হাজৰীকা অখিল গগৈৰ বিৰুদ্ধেও সৰৱ হোৱা পৰিলক্ষিত হয় ৷ মন্ত্ৰীগৰাকীয়ে কয়, " অখিল গগৈৰ কোনো স্থিতি নাই ৷ অখিল গগৈৰ চৰিত্ৰ হ’ল আজি এটা, কাইলৈ এটা ৷" জাগীৰোড সমষ্টিত মন্ত্ৰী পীযুষ হাজৰীকাক পৰাজিত কৰিবলৈ প্ৰত্যাহ্বান জনায় অখিল গগৈয়ে ৷ লগতে শিৱসাগৰ বা টিয়ক য’তেই নিৰ্বাচন খেলে, তাতেই অখিল গগৈক হৰুৱাব বুলি একপ্ৰকাৰ ৰাইজৰ দলৰ বিধায়কগৰাকীক প্ৰত্যাহ্বান জনায় পীযুষ হাজৰিকাই ৷

আনহাতে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ভৰত নৰহে 219 বিঘা চৰকাৰী ভূমি দখল কৰি পত্নী ৰাণী নৰহৰ নামত চাহ বাগিছা খোলা বিষয়টোৰ উচিত তদন্ত হ’বই বুলি কয় বিজেপি মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: Assam CM wife land scam: কেন্দ্ৰৰ পৰা ৰাজসাহায্য পোৱা নাই বুলি প্ৰমাণ দিয়ক মুখ্যমন্ত্ৰীয়ে; গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.