ETV Bharat / state

মানসিক ৰোগ আৰু চিকিৎসা সন্দৰ্ভত বিশেষ সজাগতা

author img

By

Published : Aug 30, 2020, 8:56 AM IST

মৰিগাঁৱত প্ৰথমবাৰৰ বাবে বানাক্ৰান্ত মহিলাসকলৰ মাজত মানসিক স্বাস্থ্য বিভাগৰ উদ্যোগত মানসিক ৰোগ,লক্ষণ আৰু চিকিৎসাৰ সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত হৈ যায় ।

mental health awareness camp at Morigaon
মৰিগাঁৱত মানসিক ৰোগৰ লক্ষণ আৰু চিকিৎসাৰ সন্দৰ্ভত বিশেষ সজাগতা সভা

মৰিগাঁও, 30 আগষ্টঃ মৰিগাঁৱত মানসিক স্বাস্থ্যৰ বিষয়ে সজাগতা সভাৰ আয়োজন । মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ মানসিক স্বাস্থ্য বিভাগৰ উদ্যোগত প্ৰথমে মানসিক ৰোগ, ইয়াৰ লক্ষণ আৰু প্ৰতিকাৰৰ বিষয়ে মহিলাসকলৰ মাজত সজাগতা সৃষ্টি কৰা দেখা যায় । ইয়াৰ সমান্তৰালভাৱে মানসিক স্বাস্থ্য বিভাগ আৰু গুৱাহাটীৰ অভিগ্ন নামৰ স্বেচ্ছাসেৱী সংগঠনৰ দ্বাৰা মহিলাসকলৰ ব্যৱহৃত সামগ্ৰী আৰু 9 বিধ খাদ্য সম্ভাৰৰ একোটাকৈ টোপোলা দূৰ্গতসকলৰ মাজত বিতৰণ কৰি প্ৰথমবাৰৰ বাবে মৰাকলং গাঁৱলৈ আহি সজাগতা সৃষ্টি কৰাৰ লগতে পৰৱৰ্তী কালত অঞ্চলটোত এনেধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি মানসিক স্বাস্থ্য বিভাগৰ সামাজিক মনস্তত্ববিদ নিমীষা হিৰু বৰাই সদৰি কৰে।

আনহাতে অলপ হাঁহি অলপ মৰম অলপ সহায় শ্লোগানৰে প্ৰথমবাৰৰ বাবে মৰিগাঁৱৰ মানসিক স্বাস্থ্য বিভাগৰ সৈতে সহযোগিতা আগবঢ়ায় অভিগ্ন নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে। স্বেচ্ছাসেৱী সংগঠনটোৰ নেতৃত্বই সদৰি কৰা মতে আই আৰ এছ এলোমিটেন 2016-2018 বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ৰাষ্ট্ৰত থাকিও ৰাজ্যৰ বানাক্ৰান্তৰ সকলৰ বাবে সাহাৰ্য্য প্ৰদান কৰিছে। সেয়েহে সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে স্বেচ্ছাসেৱী সংগঠন নেতৃত্বই ।

লগতে পঢ়কঃ কেইবাটাও গুৰুত্ব পূৰ্ণ বিষয় লৈ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.