ETV Bharat / state

Preparations for Khel Maharan: মৰিগাঁও জিলাত খেল মহাৰণৰ প্ৰস্তুতি সন্দৰ্ভত বৈঠক

author img

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 1:50 PM IST

মৰিগাঁও জিলাত খেল মহাৰণৰ জিলা আৰু বিধানসভা সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে খেলপথাৰ নিৰ্ধাৰণ । পহিলা নৱেম্বৰৰ পৰা পাঁচবিধ খেলত বিভিন্ন পৰ্যায়ত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । ইচ্ছুক খেলুৱৈক নাম পঞ্জীয়নৰ আহ্বান জিলা আয়ুক্তৰ ।

Meeting on preparations for Khel Moharan in Morigaon
মৰিগাঁও জিলাত খেল মহাৰণৰ প্ৰস্তুতি সন্দৰ্ভত বৈঠক

মৰিগাঁও,২১ ছেপ্টেম্বৰ: পহিলা নৱেম্বৰৰ পৰা ৰাজ্যজুৰি অনুষ্ঠিত হ'ব অসম খেল মহাৰণ ২০২৩-২৪ । মৰিগাঁও জিলাত অসম খেল মহাৰণ সূচাৰুৰূপে সম্পন্ন কৰা সন্দৰ্ভত বুধবাৰে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় বিধানসভা সমষ্টি আৰু জিলা পৰ্যায়ৰ সমিতিৰ এখন প্ৰস্তুতিমূলক সভা । খেল মহাৰণৰ মৰিগাঁও জিলা পৰ্যায়ৰ সমিতিৰ অধ্যক্ষ তথা জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত এই প্ৰতিযোগিতাসমূহ নিয়াৰিকৈ অনুষ্ঠিত কৰা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয় ।

এই সভাতে খেল মহাৰণৰ বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে খেলপথাৰসমূহ নিৰ্ধাৰণ কৰা হয় । সেই অনুসৰি বিধান সভা সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ মৰিগাঁও সমষ্টিৰ বাবে চৰাইবাহী আঞ্চলিক ক্ৰীড়া সন্থাৰ খেলপথাৰ, ক্ষীৰোদ বৰুৱা ষ্টেডিয়াম আৰু ভুৰবন্ধা আঞ্চলিক ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হ'ব । আনহাতে লাহৰিঘাট বিধান সভা সমষ্টিৰ প্ৰতিযোগিতাসমূহ কুশতলি খেলপথাৰ, নিজ গেৰুৱা খেলপথাৰ আৰু ৰাজীৱ গান্ধী ক্ৰীড়া চৌহদত অনুষ্ঠিত হ'ব ।

জাগীৰোড বিধান সভা সমষ্টিৰ খেলসমূহ জাগী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ, ন-খোলা আঞ্চলিক খেলপথাৰ আৰু আহতগুৰি খেলপথাৰত অনুষ্ঠিত হ'ব । একেদৰে জিলা পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ মৰিগাঁৱৰ ক্ষীৰোদ বৰুৱা ষ্টেডিয়াম আৰু মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত অনুষ্ঠিত হ'ব । জিলা আয়ুক্তগৰাকীয়ে কয় যে, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগিতাত ভাগ ল'ব পৰাকৈ প্ৰতিভাৱান খেলুৱৈক চিনাক্ত কৰাৰ ক্ষেত্ৰত এই বৃহৎ ক্ৰীড়া কাৰ্যসূচী তৃণমূল পৰ্যায়ৰ এখন উৎকৃষ্ট মঞ্চ ।

ইয়াক সফল কৰাৰ ক্ষেত্ৰত সকলোৰে সহায়-সহযোগিতা কামনা কৰি তেওঁ কয় যে জিলাখনৰ চুকে-কোনে বহু সম্ভাৱনাপূৰ্ণ প্ৰতিভাৱান খেলুৱৈ আছে । কেৱল ক্ৰীড়া বিভাগেই নহয়, মৰিগাঁও জিলাবাসী ৰাইজ তথা বিভিন্ন চৰকাৰী বিভাগৰ উমৈহতীয়া প্ৰচেষ্টাতহে এই প্ৰতিভাসমূহক উলিয়াই আনি এখন উপযুক্ত মঞ্চ দিব পৰা যাব বুলি তেওঁ উল্লেখ কৰে । তেওঁ ইচ্ছুক খেলুৱৈসকলক প্ৰতিযোগিতাত ভাগ লোৱাৰ বাবে http://dsywassam.com/khel পৰ্টেলত নাম পঞ্জীয়ন কৰিবলৈ আহ্বান জনায় ।

এই সভাত মৰিগাঁও পৌৰ সভাৰ পৌৰপতি যোগেশ তামুলী, অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথ, জিলা ক্ৰীড়া বিষয়া চন্দন তালুকদাৰ আৰু জিলা আৰু বিধানসভা সমষ্টি পৰ্যায়ৰ সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে । উল্লেখযোগ্য যে, তৃণমূল পৰ্যায়ৰ পৰা ক্ৰীড়া প্ৰতিভাসমূহক উৎসাহিত কৰি তেওঁলোকৰ প্ৰতিভাক নিপুণ কৰি তোলাৰ লক্ষ্যৰে অসম চৰকাৰে এই বৃহৎ ক্ৰীড়ানুষ্ঠানৰ আয়োজন কৰিছে । খেল মহাৰণত পাঁচটা ক্ৰীড়া শাখা ক্ৰমে এথলেটিকছ (১০০ মিটাৰ, ২০০ মিটাৰ, ৪০০ মিটাৰ আৰু ৮০০ মিটাৰ), ফুটবল, কাবাডী, ভলীবল, আৰু খো-খো প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক: Infrastructure development: লখিমপুৰ নগৰৰ আন্তঃগাঁঠনি উন্নয়নৰ নামত প্ৰহসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.