মৰিগাঁও, ২৪ ফেব্ৰুৱাৰী: বুধবাৰে মৰিগাঁৱত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড । পুৱা প্রায় ১০ বজাত জিলাখনৰ ভুৰবন্ধাত এই অগ্নিকাণ্ড সংঘটিত হয় । ভূৰবন্ধাৰ ৰমেশ বৰা নামৰ যুৱ ব্যৱসায়ী জনৰ ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হয় এই অগ্নিকাণ্ড ।
![মৰিগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-mrg-24thfb-burnt-rtu-805-img-vis-bt-as10005_24022021143349_2402f_1614157429_814.jpg)
প্রায় লক্ষাধিক টকাৰ সা-সামগ্ৰী জাহ যায় এই অগ্নিকাণ্ডত । কি কাৰণে এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই যদিও স্থানীয় ৰাইজৰ ভাষ্য মতে পেট্ৰলজাত সামগ্ৰীৰ পৰাই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । ঘটনাটো সংঘটিত হোৱাৰ লগে-লগে অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হয় । অগ্নিনিৰ্বাপক বাহিনীৰ জোৱানৰ তৎপৰতাত ওচৰৰ দোকান সমূহ কোনোমতে এই ভয়ংকৰ অগ্নিকাণ্ডটোৰ পৰা ৰক্ষা পৰে ।