মৰিগাঁও,৪ মাৰ্চ: মৰিগাঁও আৰক্ষীৰ বৃহৎ সফলতা । নাগালেণ্ডৰ পৰা মৈৰাবাৰী অভিমুখে আহি থকা এখন যাত্ৰীবাহী বাছৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে দুটা পিষ্টলসহ ১৩ জাই সজীৱ গুলী । মৰিগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি AS-০২-AC-৮৭৫০ নম্বৰৰ বাছ খনৰ ১৩ আৰু ১৪ নম্বৰ আসনৰ তলত থকা এটা বেগৰ পৰা দুটা পিষ্টল,দুটা মেগজিন ,চাৰিটা ম'বাইলফোন আৰু ১৩ জাই সজীৱ গুলী উদ্ধাৰ কৰে ৷ আনহাতে এই মাৰণাস্ত্ৰ সৰবৰাহৰ লগত জড়িত আচাদুল ইছলাম,চাইদুল ইছলাম আৰু নমন নামৰ বাছখনৰ চালক আৰু হেণ্ডিমেনসহ চাৰিজনক আটক কৰে আৰক্ষীয়ে ।
উল্লেখ যে দীৰ্ঘদিনৰ পৰা ডিমাপুৰ,নাগালেণ্ডৰ পৰা মৈৰাবাৰী আৰু লাহৰীঘাট অঞ্চললৈ মাৰণাস্ত্ৰ সৰবৰাহৰ বহু কেইটা ঘটনা পোহৰলৈ আহিছিল । কিন্তু নিৰ্বাচনৰ প্ৰাকক্ষণত এনেদৰে মাৰণাস্ত্ৰ উদ্ধাৰ হোৱাৰ লগে লগে এতিয়া তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে । ইফালে মৰিগাঁৱৰ আৰক্ষী অধীক্ষক ড° নন্দসিং বৰকলাই জনোৱা মতে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হব নোৱাৰে তাৰ বাবে যথেষ্ট সষ্টম হৈছে জিলাখনৰ আৰক্ষী ।
লগতে পঢ়ক:চাইনিজ পেন গান আৰু গুলীসহিতে ধৃত এক