ETV Bharat / state

Dead body recover: নেলীত পৰিত্যক্ত কুঁৱাৰ পৰা উদ্ধাৰ মৃতদেহ

মৰিগাঁও জিলাৰ নেলীত এটা পৰিত্যক্ত কুঁৱাৰ ভিতৰত উদ্ধাৰ এগৰাকী ব্যক্তিৰ মৃতদেহ ৷ প্ৰাৰম্ভিক তদন্তত এয়া এক হত্যাকাণ্ড বুলি সন্দেহ আৰক্ষীৰ (Morigaon murder case) ৷

author img

By

Published : May 30, 2023, 6:44 PM IST

Dead body recover
Dead body recover
নেলীত পৰিত্যক্ত কুঁৱাৰ পৰা উদ্ধাৰ মৃতদেহ

মৰিগাঁও, 30 মে’: মৰিগাঁও জিলাৰ নেলী আৰক্ষী চকীৰ (Neli police outpost) অন্তৰ্গত গাগাৰাত এটা কুঁৱাত এটা মৃতদেহ উদ্ধাৰ হোৱাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ এটা পৰিত্যক্ত কুঁৱাৰ ভিতৰত উদ্ধাৰ কৰা হয় জয়ন্ত বৰদলৈ নামৰ এজন ৫০ বছৰীয়া ব্যক্তিৰ মৃতদেহ (Dead body recovered at Neli) ৷

উল্লেখ্য যে, উক্ত অঞ্চলৰেই নিবাসী আছিল জয়ন্ত বৰদলৈ ৷ কিন্তু কেনেকৈ লোকজনৰ মৃত্যু হ’ল সেয়া বৰ্তমানেও ৰহস্য আৱৰ্তত ৷ লোকজনক কোনোৱে হত্যা কৰি কুঁৱাত পেলাই দিয়া বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজৰ লগতে আৰক্ষীয়ে ৷ যাক লৈ এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ (Morigaon dead body recover) ৷

লগতে পঢ়ক: Horrifying Murder: ব্যস্ত ৰাজপথত প্ৰেমিকাক ছুৰীৰে হানি হত্যা প্ৰেমিকৰ; নীৰৱ দৰ্শক হৈ ৰ’ল বহুকেইজন

এই ঘটনা পোহৰলৈ অহাৰ পাচতেই স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী (Man body recovered from well) ৷ নেলী আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে মৰিগাঁও জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস উপস্থিত হৈ অগ্নি নিৰ্বাপক বাহিনী, SDRFৰ সহযোগত উদ্ধাৰ কৰে মৃতদহটো ৷ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে এই সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে নেলী আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কোচক (Man body recovered in Morigaon) ৷ উল্লেখ্য যে মৃতদহেটোৰ ডিঙিত স্পষ্ট আঘাতৰ চিন ৷

ইফালে, মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ ৷ প্ৰাৰম্ভিক তদন্তত আৰক্ষীয়ে এয়া এক হত্যাকাণ্ড বুলি সন্দেহ (Man killed in Morigaon) প্ৰকাশ কৰিছে যদিও মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাচতহে জানিব পৰা যাব প্ৰকৃততে কিদৰে মৃত্যু হ’ল জয়ন্ত বৰদলৈৰ ৷ যদিহে এয়া হত্যাকাণ্ড হয় তেন্তে অপৰাধীক কৰায়ত্ত কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে ৷

লগতে পঢ়ক : Crime in capital city: গুৱাহাটী মহানগৰীত দিন দুপৰতে দুই যুৱকক ছুৰীকাঘাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.