মৰিগাঁও, 13 ডিচেম্বৰ: মৰিগাঁও জিলাৰ লোক আদালতৰ উদ্যোগত মৰিগাঁও কনকলতা প্ৰাথমিক বিদ্যালয়ত দুদিনীয়াকৈ ঋণগ্ৰস্ত লোকৰ সহায়কাৰী হিচাপে দেওবাৰৰ পৰা এক বিশেষ শিবিৰ অনুষ্ঠিত কৰা হয় । এই শিবিৰতে কেইবাটাও বেংকে ঋণগ্ৰস্ত লোকসকলক বিশেষ ৰেহাই প্ৰদাণেৰে ঋণ প্ৰৰিশোধৰ ব্যৱস্থা কৰে ৷
উল্লেখ্য যে, জিলাখনৰ বহু লোকে বানপানী আৰু ক'ভিড-19 ৰ পৰিপ্ৰেক্ষিতত মৰিগাঁৱৰ ১৩ টাকৈ বিত্তীয় প্ৰতিষ্ঠানত যথাসময়ত ঋণ প্ৰৰিশোধ কৰিব পৰা নাছিল ৷ গতিকে মৰিগাঁৱৰ লোক আদালতে ঋণগ্ৰস্ত লোকসকলৰ সুবিধাৰ্থে এই ব্যৱস্থা গ্ৰহণ কৰে ৷ অনুষ্ঠানত অসম গ্ৰামীণ বিকাশ বেংক, কানাড়া বেংকৰ মৰিগাঁও শাখাকে ধৰি মুঠ 13 টা বিত্তীয় প্ৰতিষ্ঠানৰ বিষয়াসকল উপস্থিত থাকে ৷
লগতে পঢ়ক: ঘোষণা হ’ল বিটিচিৰ নতুন পৰিষদৰ শপত গ্ৰহণৰ দিন