ETV Bharat / state

RUpam Dutta in Morigaon: প্ৰয়াত বাছ চালক নৃপেন শইকীয়াৰ পুত্ৰক সংস্থাপন দিয়াৰ দাবী ৰূপম দত্তৰ

author img

By

Published : Apr 21, 2023, 11:08 PM IST

LIFE OF A DRIVER শীৰ্ষক প্ৰখ্যাত গ্ৰন্থখনৰ প্ৰণেতা, চিন্ততাশীল লেখক তথা প্ৰখ্যাত নৈশ বাছ চালক ৰূপম দত্ত শুকুৰবাৰে নিপেন শইকীয়াৰ বাসগৃহত উপস্থিত হয় ৷ মাৰ্ঘেৰিটাৰ শাসকীয় দলৰ বিধায়ক ভাস্কৰ শৰ্মাৰ বাহনৰ খুন্দাত মৃত্যু হোৱা নিপেন শইকীয়াৰ ঘৰত আজি পৰ্যন্ত চৰকাৰৰ ফালৰ পৰা কোনো উপস্থিত নোহোৱাটোৱে আচৰিত কৰি তুলিছে সকলোকে ৷

Dergaon road accident
নিহত নিপেন শইকীয়াৰ বাসগৃহত ৰূপম দত্ত
নিহত নিপেন শইকীয়াৰ বাসগৃহত ৰূপম দত্ত

মৰিগাঁও, 21 এপ্ৰিল : এটা পথ দুৰ্ঘটনাই নিঃশেষ কৰি পেলালে এটা জীৱন । কালসন্ধ্যা নামি আহিল এটি পৰিয়াললৈ । কিন্তু আজি পৰ্যন্ত চকু মুদি থাকিল জনপ্ৰতিনিধি, অসম চৰকাৰ । মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ শাসকীয় দলৰ বিধায়ক ভাস্কৰ শৰ্মাৰ বাহনৰ খুন্দাত মৃত্যু হৈছিল মৰিগাঁও আঁহতগুৰিৰ নিপেন শইকীয়া নামৰ এজন নৈশ বাছ চালকৰ । ঘটনাটো ঘটিছিল দেৰগাঁৱত বিগত ৬ এপ্ৰিল তাৰিখে (Dergaon road accident) ।

বৰহোলাৰ পৰা গুৱাহাটীলৈ নিপেনে এখন নৈশ বাছ চলাই পোহপাল দিছিল নিজৰ পৰিয়ালটো । সেইদিনাও পূৰ্বৰ দৰে নিপেন ওলাই গৈছিল নিজৰ কৰ্মলৈ । ঠিক দেৰগাঁও পোৱাৰ সময়তে নিৰ্দিষ্ট স্থানত বাছ ৰখাই যাত্ৰীসকলক চাহপানী খাবলৈ নমাই নিজেও চাহপানী খাবলৈ বাছৰ পৰা নামি পথ পাৰ হওঁতেই ঘটিল সেই অবাঞ্চিত ঘটনাটো । এখন AS 01EK 2084 নম্বৰৰ এখন তীব্ৰবেগী বিলাসী বাহনে মহতিয়াই নিলে নিপেনক (Bus driver died in road accident) । ঘটনাস্থলীতে মৃত্যু হয় নিপেনৰ ।

পিছত পোহৰলৈ আহিছিল যে সেই বাহনখন আছিল মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ । ইতিমধ্যে এই সন্দৰ্ভত বিভিন্ন সংবাদ মাধ্যমত বাতৰি পৰিবেশন হৈছে । কিন্তু অতি পৰিতাপৰ বিষয় বিধায়কগৰাকীয়ে এই সমগ্ৰ ঘটনা সন্দৰ্ভত মত দিয়াটো বাদেই পৰিয়ালটোক সমবেদনা জনাবলৈয়ো আহৰি নাপালে আজি পৰ্যন্ত (MLAs car involved in Dergaon road accident) ।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত দেৰগাঁও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল যদিও আজি পৰ্যন্ত ন্যায় পোৱা নাই পৰিয়ালটোৱে । ঘটনাৰ আজি ১৬ টাকৈ দিন অতিবাহিত হ'ল, কিন্তু পৰিয়ালটোৱে মৃত নিপেনৰ মৰুণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট বিচাৰি আজি পৰ্যন্ত হাবাথুৰি খাব লগা হৈছে । কিয় মৰণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট দিবলৈ সক্ষম হোৱা নাই দেৰগাঁও আৰক্ষী ? কিবা ৰহস্য সোমাই আছে নেকি এই দুৰ্ঘটনাৰ আঁৰত ! আজি এই ঘটনাৰ বুজ ল'বলৈ মৃত নিপেন শইকীয়াৰ বাসগৃহত উপস্থিত হয় life of a driver শীৰ্ষক গ্ৰন্থৰ লেখক তথা প্ৰখ্যাত নৈশ বাছ চালক ৰূপম দত্ত ।

শুকুৰবাৰে মৰিগাঁও আহতগুৰিত দুৰ্ভগীয়া নিপেন শইকীয়াৰ গৃহত উপস্থিত হৈ ৰূপক দত্তই পৰিয়ালটোক সান্তনা দিয়াৰ লগতে অসম চৰকাৰক মৃত নিপেন শইকীয়া পুত্ৰক সংস্থাপন দিয়াৰ বাবে আহ্বান জনায় । তেওঁ প্ৰশ্নও উত্থাপন কৰে যে চৰকাৰী নিৰ্দেশনা মতে এক সপ্তাহৰ ভিতৰত দিব লগা মৰণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট এতিয়ালৈ কিয় দিয়া নাই (late bus driver Nipen Saikia) ?

নিঃসহায় পৰিয়ালটোলৈ অকণমান সময় ওলাবনে ৰজাঘৰীয়াৰ ! শোকসন্তপ্ত পৰিয়ালটোৰ ওচৰত উপস্থিত হৈ সমবেদনা জনোৱাতো মানুহ হিচাপে দায়িত্ব ও কৰ্তব্য । আনহাতে প্ৰয়াত নৈশ বাছ চালক নিপেন শইকীয়াৰ দুৰ্ভগীয়া পত্নীয়ে একমাত্ৰ পৰিয়ালটোৰ আশা ভৰষাৰ উৎস ল'ৰাটোক এটা চৰকাৰী চাকৰি দি পৰিয়াল টোক সকাহ দিয়াৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনায় । উল্লেখযোগ্য যে, স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰতিনিধিয়ে ২ লাখ টকা পৰিয়ালটোলৈ আগবঢ়াইছে যদিও সেইয়া ল’বলৈ অমান্তি হৈছে পৰিয়ালবৰ্গ (Morigaon bus driver death news) ৷

লগতে পঢ়ক : Opium seized at Jonai: ডেকাপাম তিনিআলিত বৃহৎ পৰিমাণৰ কানি জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.