ETV Bharat / state

নেমু খেতিৰে স্বাৱলম্বী হোৱাৰ সপোন এজন যুৱ কৃষকৰ

author img

By

Published : Oct 9, 2020, 8:14 PM IST

এইবাৰ গুটিহীন নেমু খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ সপোন দেখিছে মৰিগাঁৱৰ যুৱ কৃষক প্ৰভাকৰ পোণা ডেকাই । 4 বিঘাৰ বগৰী বাগান আৰু ইয়াৰ চাৰিওকাষে 130 জোপা উন্নত জাতৰ চীদলেছ নেমু গছ ৰোপন কৰি উপাৰ্জন কৰাৰ সিদ্ধান্ত লৈছে যুৱ কৃষক গৰাকীয়ে ৷

Lemon Garden in Morigaon
নেমু খেতিৰে স্বাৱলম্বী হোৱাৰ সপোন এজন যুৱ কৃষকৰ

মৰিগাঁও,9 অক্টোবৰ : ড্ৰেগন ফল, থাইলেণ্ডৰ আপেল, বগৰী পাচত এইবাৰ গুটিহীন নেমু খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ সপোন দেখিছে মৰিগাঁৱৰ প্ৰগতিশীল যুৱ কৃষক প্ৰভাকৰ পোণা ডেকাই । এখন 4 বিঘাৰ বগৰী বাগান আৰু ইয়াৰ চাৰিওকাষে 130 জোপা উন্নত জাতৰ চীডলেছ নেমু গছ ৰোপন কৰিছে যুৱ কৃষক গৰাকীয়ে ।

উল্লেখ্য যে,দুবছৰ পাচত চাৰি কাষে থকা নেমু গছে বগৰী বাগান খনক প্ৰতিৰক্ষা দিব । মনকৰিবলগীয়া যে,ব্যৱসায় ভিত্তিত কৰা এই নেমু গুটিবিহীন হোৱাৰ সমান্তৰালকৈ ৰস আৰু সুগন্ধি যুক্ত হয় । সেয়েহে,ডেৰ বছৰৰ পূৰ্বে গুজৰাটৰ পৰা এই নেমু গছৰ পুলি আনি পৰীক্ষামূলকভাৱে ৰুই নেমু বিক্ৰী কৰিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় পুৰষ্কাৰ প্ৰাপ্ত যুৱ কৃষক প্ৰভাকৰ পোণা ডেকাই ।

বছৰৰ 12 টা মাহতে লমা-লমে ফলধৰা নেমু স্থানীয় হেংদাং নামৰ থলুৱা সংস্থাই আচাৰ তৈয়াৰ কৰাৰ পাচত এইবাৰ পুলি বিক্ৰী কৰাৰ বাবে পৰিকল্পনা কৰিছে যুৱ কৃষকজনে । ইয়াৰ বাবে প্ৰতিজোপা নেমুৰ ডালত বৈজ্ঞানিক পদ্ধতিৰে কলম দিছে প্ৰভাকৰে । 130 জোপা নেমু গছৰ পৰা চলিত বৰ্ষত তেওঁ কমেও 15 হাজাৰটা পুলি উৎপাদন কৰাৰ লক্ষ্য বান্ধি কলম দিয়া কাম সম্পন্ন কৰিছে । ইয়াৰ মূল্য 30,000-40,000 টা পৰ্যন্ত হ’ব । যুৱ কৃষক প্ৰভাকৰ পোণাই ইটিভি ভাৰতক জনোৱা মতে,প্ৰতিটো কলম দিয়া পুলি বিক্ৰী কৰিলে তেওঁ বছৰি 5,25,000 টকা উপাৰ্জন কৰিব পাৰিব ৷

লগতে পঢ়ক: জিতেন দত্ত, জোন ভূঞাক আলফাৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.