ETV Bharat / state

Latmandal arrested in Morigaon: কি দৰে জালিয়াত জালালুদ্দিনে পেলাইছিল জাল ? - দুৰ্নীতিৰ বিৰুদ্ধে অভিযান

বিভিন্ন প্ৰান্তত দুৰ্নীতিৰ বিৰুদ্ধে অভিযান অব্যাহত আছে ৷ 5 লাখ টকা দাবী কৰি ব্যৱসায়ীৰ পৰা 20 হাজাৰ টকা ল’বলৈ আহোঁতেই হাতে-লোটে ধৰা পৰে লাটমণ্ডল জালালুদ্দিন শ্বেখ ৷

Latmandal arrested in Morigaon by CM Vigilance group
5 লাখ টকা দাবী কৰি হাত দাঙিলে ঘোচখোৰ লাটমণ্ডলে
author img

By

Published : Jun 14, 2023, 10:25 PM IST

5 লাখ টকা দাবী কৰি হাত দাঙিলে ঘোচখোৰ লাটমণ্ডলে

মৰিগাঁও, 14 জুন : ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলি থকাৰ সময়তে বুধবাৰে পুনৰ মৰিগাঁৱত হাত দাঙে এজন লাটমণ্ডলে ৷ মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ অভিযানকাৰী দলে হাতে-লোটে গ্ৰেপ্তাৰ কৰে জালালুদ্দিন নামৰ এজন ঘোচখোৰ লাটমণ্ডলক। জেৰাৰ অন্তত মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাই ধৃত জালাউদ্দিনক জিম্মাত লোৱাৰ পিছতে সমগ্ৰ ঘটনাৰ বিষয়ে সংবাদ মাধ্যমৰ সন্মুখত মুখ খুলিলে ভুক্তভোগী ফাইজুদ্দিনে ।

ভুৰাগাঁৱত নতুন কৈ স্থাপন কৰিবলৈ যো-জা কৰা ইটাভাটাৰ বাবে প্ৰয়োজন হোৱা মাটিৰ NOC তথা আপত্তিবিহীন প্ৰমাণপত্ৰ দিয়াৰ নামত লাটমণ্ডল জালালুদ্দিন শ্বেখে স্বত্বাধিকাৰী ফাইজুদ্দিনৰ পৰা দাবী কৰিছিল 5 লাখ টকা । বুধবাৰে মৰিগাঁৱৰ এটা ভাড়াঘৰত 5 লাখ টকা লোৱাৰ বন্দৱস্ত হৈছিল ।

তাৰ পিচতে ভুৰাগাঁৱৰ ফাইজুদ্দিন নামৰ উদ্যোগীজনে লাটমণ্ডল জালালুদ্দিনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল মুখ্যমন্ত্ৰী দুনীতি নিবাৰক শাখাৰ কাৰ্যলয়ত। নিৰ্ধাৰিত সময় অনুসৰি উৎকোচ লৈ থকাৰ সময়তে পূৰ্বৰে পৰা খাপ পিতি ৰৈ থকা মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ অভিযানকাৰী দলটোৱে হাতে-লোটে ধৰা পেলাই গ্ৰেপ্তাৰ কৰে লাটমণ্ডল জালালুদ্দিনক ৷

ইয়াৰ পিচতেই অভিযোগকাৰী ফাইজুদ্দিন শ্বেখে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । অভিযোগকাৰীগৰাকীয়ে কোৱা অনুসৰি ইটাভাটাৰ স্থাপনৰ বাবে প্ৰয়োজন হোৱা মাটিৰ NOC তথা আপত্তিবিহীন প্ৰমাণপত্ৰ দিয়া নামত প্ৰথমে লাটমণ্ডল জালালুদ্দিনে স্বত্বাধিকাৰী ফাইজুদ্দিনৰ পৰা প্ৰথমে ডেৰলাখ টকা দাবী কৰিছিল। তাৰ পিচতেই ফাইজুদ্দিনে লাটমণ্ডলগৰাকী ফীল্ডখন এবাৰ পৰিদৰ্শন কৰি আহিবলৈ কৈছিল ৷ তাৰ পিচতে সেই কথা ৰাখিয়েই লাটমণ্ডলগৰাকীয়ে পুনৰ তিনিলাখ টকা দাবী কৰে ফাইজুদ্দিনৰ পৰা ৷ এই কথা শুনি বিমোৰত পৰে ব্যৱসায়ীগৰাকী ৷

লাটমণ্ডলগৰাকীৰ দাবী বাঢ়ি যোৱাত দুদিন অপেক্ষা কৰি পুনৰ ব্যৱসায়ীগৰাকীয়ে যোগাযোগ কৰাত এইবাৰ 5 লাখ টকাৰ দাবী কৰে জালালুদ্দিন শ্বেখে ৷ অৱশেষত উপাহীন হৈ ফাইজুদ্দিনে দুৰ্নীতি নিবাৰক শাখাৰ কাষ চাপে ৷ ইয়াৰ পিচতে আজি জালালুদ্দিনক 20 হাজাৰ টকা ল’বলৈ আহোঁতেই হাতে-লোটে ধৰা পৰে লাটমণ্ডলজন ৷

সম্প্ৰতি ধৃত লাটমণ্ডলজলক সোধা-পোছা অব্যাহত ৰাখিছে অভিযানকাৰী দলটোৱে ৷ বাতৰি প্ৰকাশ কৰা সময়লৈ এই ঘটনা সন্দৰ্ভত মন্তব্য কৰাৰ পৰা বিৰত থাকে অভিযানকাৰী দলটো ৷

লগতে পঢ়ক:Morigaon CM vigillance: উৎকোচ লৈ থকাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ লাটমণ্ডলক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.