ETV Bharat / state

মৰিগাঁৱত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ অন্তিম প্ৰচাৰ সম্পন্ন - প্ৰচাৰ

17 ডিচেম্বৰত হ’বলগীয়া তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ মৰিগাঁও-নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত সম্পন্ন হয় নিৰ্বাচনৰ অন্তিম প্ৰচাৰ ৷ বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলৰ বহু জ্যেষ্ঠ নেতৃত্বই প্ৰচাৰ চলোৱা পৰিলক্ষিত হয় ৷

last campaign of tiwa autonomous council election completed
মৰিগাঁৱত তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ অন্তিম প্ৰচাৰ সম্পন্ন
author img

By

Published : Dec 16, 2020, 9:09 AM IST

Updated : Dec 16, 2020, 9:46 AM IST

ধিং,16 ডিচেম্বৰ : মৰিগাঁও-নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত মঙলবাৰে তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ অন্তিম প্ৰচাৰ অভিযান সম্পন্ন হয় ৷ 36 টা সমষ্টিৰে গঠিত তিৱা স্বায়ত্ব শাসিত পৰিষদ গঠন কৰাৰ বাবে 19 খন আসন লাভ কৰাৰ লক্ষ্যৰে নিৰ্বাচনী প্ৰচাৰ অভিযান সম্পন্ন কৰে কংগ্ৰেছ আৰু বিজিপিয়ে ৷ লগতে নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা নিজ নিজ প্ৰাৰ্থীৰ জনসমৰ্থন দেখুওৱা পৰিলক্ষিত হয় ৷

last campaign of tiwa autonomous council election completed
মৰিগাঁৱত তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ অন্তিম প্ৰচাৰ সম্পন্ন

অৱশ্যে বৰ্তমানো কোনো এটা সমষ্টিৰ পৰা প্ৰাৰ্থীৰ স্পষ্ট ছবি প্ৰকাশ হোৱা নাই ৷ 17 ডিচেম্বৰত হ’বলগীয়া তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰায় আটাইকেইটা সমষ্টিত প্ৰাৰ্থীৰ ছবি ওলোৱা নাই যদিও অন্তিম প্ৰচাৰ অভিযানত বিজেপি দলৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসে 20 নং বাৰপুজীয়া আৰু 23 নং জৰাবৰীত প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে ৷ ঠিক সেইদৰে 1 নং জমাদাৰী আৰু 2নং বৰঙণি সমষ্টিত মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে সাংসদ পল্পৱ লোচন দাসে ভাগ লয় ৷

21 নং টোপাকুছি সমষ্টি আৰু 24 নং জোঙালবলহু সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানত বিজেপি দলৰ হৈ প্ৰচাৰৰ অভিযানত অংশগ্ৰহণ কৰে কাৰ্বি আংলং জিলাৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰাংহাং ৷ এইসকল নেতাই বিশাল বাইক ৰেলীৰে প্ৰচাৰ চলাই ভোটাৰ ৰাইজৰ মন আকৰ্ষণ কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হয় ৷

আনহাতে কংগ্ৰেছ দলৰ হৈ সাংসদ প্ৰদ্যুৎ বৰদলৈ, সাংসদ গৌৰৱ গগৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, প্ৰাক্তন মন্ত্ৰী ড৹ নজৰুল ইছলাম, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, দেৱব্ৰত শইকীয়া, প্ৰাক্তন মন্ত্ৰী বুবুল দাসৰ উপৰিও বহু নেতাই প্ৰচাৰ অভিযান চলায় ৷

লগতে পঢ়ক : মদ-মাংস বিলাই তিৱা নিৰ্বাচনৰ প্ৰচাৰ চলাইছে বিজেপিয়ে:সাংসদ প্ৰদ্যুৎ বৰদলৈ

Last Updated : Dec 16, 2020, 9:46 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.