ETV Bharat / state

পৰম্পৰা ৰক্ষা কৰি ঐতিহাসিক জোনবিল মেলাত সমজুৱা মৎস্য চিকাৰ - লোকাৰণ্য

তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত জোনবিল মেলাত দ্বিতীয় দিনাও লোকাৰণ্য হৈ পৰে ৷ পাহাৰৰ পৰা নামি অহা মামা-মামীয়ে ভৈয়ামৰ লোকসকলৰ লগত বস্তুৰ বিনিময় কৰাৰ উপৰি প্ৰচণ্ড জাৰকো নেওচি চাৰণ বিলত সমজুৱাকৈ মৎস্য চিকাৰ কৰে ৷

Junbil Mela Culture
জোনবিল মেলাত সমজুৱা মৎস্য চিকাৰ
author img

By

Published : Jan 23, 2021, 9:33 AM IST

মৰিগাঁও,23জানুৱাৰী : শনিবাৰে অন্ত পৰিব ঐতিহাসিক জোনবিল মেলা ৷ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত জোনবিল মেলাত দ্বিতীয় দিনাও লোকাৰণ্য হৈ পৰিল ৷ পৰম্পৰা ৰক্ষা কৰি শুকুৰবাৰে দ্বিতীয় দিনা পুৱাৰ ভাগত সমন্বয়ৰ বাৰ্তা লৈ পাহাৰৰ পৰা নামি অহা মামা-মামীয়ে ভৈয়ামৰ লোকসকলৰ লগত বস্তুৰ বিনিময় কৰে ৷

পৰম্পৰা ৰক্ষা কৰি ঐতিহাসিক জোনবিল মেলাত সমজুৱা মৎস্য চিকাৰ

ইপিনে প্ৰচণ্ড জাৰকো নেওচি চাৰণ বিলত সমজুৱা মৎস্য চিকাৰো কৰা হয় ৷ এই মৎস্য চিকাৰত অংশগ্ৰহণ কৰে হাজাৰ-হাজাৰ লোকে ৷ তদুপৰি মেলাৰ আন এক আকৰ্ষণ তথা পৰম্পৰা কুকুৰা যুঁজো অনুষ্ঠিত কৰা হয় ৷ উল্লেখ্য যে,জোনবিল মেলাৰ লগত সংগতি ৰাখি 18গৰাকী প্ৰতীকি ৰজাক ৰাজভাট্টা প্ৰদান কৰা হয় ৷ প্ৰতিবছৰে অনুষ্ঠিত হয় এই জোনবিল মেলা ৷ ইয়াৰ অন্যতম বিশেষত্ব হ’ল, বিনিময় প্ৰথাৰে বস্তুৰ ক্ৰয়-বিক্ৰয় কৰা হয় এই মেলাত ৷ পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ অন্যতম প্ৰতীক এই জোনবিল মেলা ৷

লগতে পঢ়কঃপ্ৰধানমন্ত্ৰী মোডীক আদৰিবলৈ সাজু জেৰেঙা পথাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.