ETV Bharat / state

আজিৰ পৰা ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলা - বিনিময় প্ৰথা

আজিৰে পৰা আৰম্ভ হৈছে দেশৰ ভিতৰত আটাইতকৈ পুৰণি তথা একমাত্ৰ বিনিময় প্ৰথাৰ ঐতিহাসিক জোনবিল মেলা ৷

আজিৰ পৰা ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলা

author img

By

Published : Jan 21, 2021, 1:19 PM IST

Updated : Jan 21, 2021, 1:35 PM IST

নিউজ ডেস্ক, 21 জানুৱাৰী : এক বৰ্ণিল ইতিহাস সুঁৱৰি মধ্য অসমৰ তিৱা জনগোষ্ঠীয় ৰাইজৰ সম্প্ৰীতিৰ স্বাক্ষৰ বহনকাৰী ঐতিহাসিক জোনবিল মেলা আজিৰে পৰা তিনিদিনীয়াকৈ জোনবিলৰ পাৰত অনুষ্ঠিত হ’ব । আধুনিক সমাজ ব্যৱস্থাৰ পৰিবৰ্তনৰ মাজতে গোভা ৰজাই নিৰ্ধাৰণ কৰি দিয়া সময় তথা নিয়মৰ মাজেৰেই 15 শতিকাত আৰম্ভ হৈ এতিয়ালৈকে চলি আহিছে জোনবিল মেলা । জোনবিল মেলাত পৰম্পৰাগত মুদ্ৰা ব্যৱস্থাৰ সলনি সামগ্ৰী পৰিৱৰ্তে সামগ্ৰীৰ আদান-প্ৰদান কৰা হয় ৷ বিশ্বৰ কনিষ্ঠতম গোভা ৰজা দীপসিং দেওৰজাই পাৰিষদবৰ্গৰ সৈতে আজি এই মেলাত সমূহীয়াকৈ ভোজভাত খাব ।

লগতে পঢ়ক : 21 জানুৱাৰীৰ পৰা আৰম্ভ ঐতিহাসিক জোনবিল মেলা

পাহাৰ-ভৈয়ামৰ মামা-মামীসকলৰ উৎপাদিত সামগ্ৰীৰ সম্ভাৰেৰে 22 জানুৱাৰীত আৰম্ভ হ’ব বিনিময় প্ৰথা আৰু সমূহীয়া মৎস্য চিকাৰ । এই বিনিময় প্ৰথাক সজীৱ কৰি তুলিবলৈ 21 জানুৱাৰীত ভৈয়াম পাবহি কাৰ্বি আংলং আৰু মেঘালয়ৰ পাহাৰীয়া জনগোষ্ঠীয় লোকসকল । ল’ৰ আৰু দলৈৰ নেতৃত্বত ভৈয়ামলৈ অহা লোকসকলে লগত লৈ আহিব বিভিন্ন উৎপাদিত দ্ৰব্য আৰু খাদ্য সম্ভাৰ । এই মেলাতেই মামা-মামী সম্বোধনেৰে ভাৱ বিনিময়ৰ লগতে বিনিময় কৰিব খাদ্য সামগ্ৰী । এই বিনিময় প্ৰথাক প্ৰত্যক্ষ কৰিবলৈ জোনবিল মেলালৈ আগমন ঘটে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সহশ্ৰাধিক লোকৰ । বিনিময় প্ৰথাত পাহাৰৰ মামী-মামীয়ে লৈ আনে আদা,হালধি,আলু,কচু,জলকীয়া আৰু অন্যান্য মচলাজাতীয় সামগ্ৰী ৷ ইয়াৰ উপৰিও ভৈয়ামৰ লোকসকলে পাহাৰীয়া লোকসকলৰ বাবে প্ৰস্তুত কৰে চিৰা-লাড়ু-পিঠা ৷

লগতে পঢ়ক : 21ৰ পৰা ২৩ জানুৱাৰীলৈ ঐতিহাসিক জোনবিল মেলা

আনহাতে 23 জানুৱাৰীত পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হ’ব ৰাজদৰবাৰ । অতীতৰ সাতোৰজা,পাচোঁৰজাসকলৰ প্ৰতীকী অৰ্থত থকা বৰ্তমানৰ ৰজাসকলৰ নাই সুকীয়া ৰাজ্য,নাই সুকীয়া প্ৰশাসনিক ক্ষমতা । এই প্ৰতীকি ৰজাসকলৰ বৰ্তমান অৱস্থা পুতৌজনক । অতীতৰ আহোম আৰু ব্ৰিটিছৰ শাসন কালৰে পৰা শোষিত হৈ অহা এই ৰজাসকলক বৰ্তমান চৰকাৰখনে সাহায্য প্ৰদান কৰি আহিছে । সেই অনুসৰি ২৩ জানুৱাৰীত অনুষ্ঠিত হ’বলগা ৰাজদৰবাৰতে অসম চৰকাৰৰ তৰফৰ পৰা 18 গৰাকী ৰজাক ৰাজভাট্টা প্ৰদান কৰিব মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

লগতে পঢ়ক : জোনবিল মেলাঃ ১৮ জনকৈ প্ৰতীকী ৰজাক 1 লাখকৈ প্ৰদান মুখ্যমন্ত্ৰীৰ

Last Updated : Jan 21, 2021, 1:35 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.