ETV Bharat / state

Indo-Bangladesh Handball tournament: মৰিগাঁৱৰ বাৰপূজীয়াত ভাৰত-বাংলাদেশৰ মাজত হেণ্ডবল প্ৰতিযোগিতা

অসম হেণ্ডবল সন্থাৰ তত্বাৱধানত হেণ্ডবল প্ৰতিযোগিতা ৷ মৰিগাঁৱৰ বাৰপূজীয়াত ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হয় দিবা-নৈশ প্ৰতিযোগিতা ৷

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 7:20 AM IST

Indo Bangladesh Handball Competition
মৰিগাঁৱৰ বাৰপূজীয়াত ভাৰত বাংলাদেশৰ মাজত হেণ্ডবল প্ৰতিযোগিতা

মৰিগাঁও, 13 ছেপ্টেম্বৰ : অসম হেণ্ডবল সন্থাৰ তত্বাৱধানত নগাঁও আৰু মৰিগাঁও জিলা হেণ্ডবল সন্থাৰ যুটীয়া উদ্যোগত ইণ্ডো-বাংলাদেশ আন্তঃ ৰাষ্ট্ৰীয় দিবা-নৈশ হেণ্ডবল প্ৰতিযোগিতা অনুষ্ঠিত হয় । মঙলবাৰে নিশা বৰপূজীয়া মিনি ষ্টেডিয়ামত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা । উলেখ্য যে গুৱাহাটী, বাৰপূজীয়া, শিৱসাগৰ আৰু মৰিয়নিসহ মুঠ চাৰিটাস্থানত হ’ব লগীয়া প্ৰতিযোগিতাৰ দ্বিতীয়খন মেচ নিশা 8 বজাত অনুষ্ঠিত হয় বাৰপূজীয়াত ।

নিশা ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত তীব্ৰ উত্তেজনাপূৰ্ণ মেচখনত বাংলাদেশে বৃহৎ গ’লৰ ব্যৱধানত পৰাস্ত কৰে ভাৰতক ৷ মেচখনত বাংলাদেশে 41-26 গ'লৰ ব্যৱধানত ভাৰতীয় দলটোক পৰাস্ত কৰে বাংলাদেশে ৷ ইফালে বুধবাৰে দুয়ো দল পুনৰ মুখামুখি হ'ব শিৱসাগৰ জিলাত । শিৱসাগৰৰ পাচত মৰিয়নিত অন্তিমখন মেচ অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিছে অসম হেণ্ডবল সন্থাৰ নগাঁও জিলা সমিতিৰ সম্পাদক তথা আয়োজক সমিতিৰ সম্পাদক সুধন্য কুমাৰ সেনাপতিয়ে ।

‘‘অসমৰ বিভিন্ন স্থানত লুকাই থকা প্ৰতিভাৱান খেলুৱৈসকলক উৎসাহ আৰু মঞ্চ দিয়াৰ অৰ্থে আয়োজন কৰা হৈছে এই প্ৰতিযোগিতা ৷ যাতে অসমৰ লগতে ভাৰতৰ নাম জিলিকাব পাৰে তাৰ চেষ্টা কৰা হৈছে ৷ খেলৰ জৰিয়তে খেলুবৈসলকলে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিব পাৰে তাৰ বাবে অসম হেণ্ডবল সন্থাৰ তত্বাৱধানত আয়োজন কৰা হৈছে এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা ৷’’ এই কথা সদৰী কৰে অসম হেণ্ডবল সন্থাৰ নগাঁও জিলা সমিতিৰ সম্পাদক তথা আয়োজক সমিতিৰ সম্পাদক সুধন্য কুমাৰ সেনাপতিয়ে ৷

আনহাতে মেচ চাবলৈ ভীৰ কৰে ক্ৰীড়াপ্ৰেমী ৷ অতি উত্তেজনাপূৰ্ণ মেচখন উপভোগ কৰি খুবে ভাল লগা বুলি ব্যক্ত কৰে ক্ৰীড়া অনুৰাগীয়ে ৷

লগতে পঢ়ক:Mission Indradhanush in Assam: মৰিগাঁৱত ১১ ছেপ্টেম্বৰৰ পৰা মিছন ইন্দ্ৰধনুষৰ দ্বিতীয় পৰ্যায়ৰ টীকাকৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.