মৰিগাঁও, 25 জুন: মৰিগাঁও জিলাৰ জল সম্পদ বিভাগ আৰু স্থানীয় বন বিভাগৰ চৰম উদাসীনতাৰ বাবে মৰিগাঁৱৰ হাতীয়ামুখত মাটি দালালৰ দৌৰাত্ম্য ৷ মাটি দালাল চক্ৰই দৈনিক জেচিবি, টেক্টৰেৰে কপিলী নদীৰ মথাউৰিৰ কাষৰ চৰকাৰী মাটি খান্দি ৰমৰমীয়া বেহা চলোৱাৰ পিচতো চকুমুদা কুলিৰ ভাও দিছে মৰিগাঁও জিলাৰ জল সম্পদ আৰু বন বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে ৷ শীঘ্ৰেই মাটি দালাল চক্ৰৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় সচেতন ৰাইজৰ ৷
যি সময়ত ৰাজ্য চৰকাৰে চৰকাৰী ভূমি, পাহাৰৰ মাটি খননত নিষেধাজ্ঞা জাৰি কৰিছে সেইখিনি সময়তে মৰিগাঁও জিলাৰ জাগীৰোড বিধানসভা সমষ্টিৰ বাঘজাপ গাঁও পঞ্চায়তৰ ভিতৰুৱা হাতিয়া মুখত ভূ-মাফিয়াই অবৈধভাৱে কপিলী নদীৰ পাৰৰ মাটি খান্দি ৰমৰমীয়া বেহা চলাইছে ৷ স্থানীয় সচেতন ৰাইজক ভয়-ভাবুকিৰে ভূ-মাফিয়াই দীৰ্ঘদিন ধৰি অব্যাহত ৰাখিছে মাটিৰ অবৈধ ব্যৱসায় ৷
মাটি দালালৰ দৌৰাত্ম্যত কপিলী নদীৰ মথাউৰিলৈও এতিয়া আহি পৰিছে ভাবুকি ৷ কিন্ত এতিয়াও গভীৰ নিদ্ৰাত মৰিগাঁও জিলাৰ জল সম্পদ বিভাগ আৰু বন বিভাগ ৷ এই ক্ষেত্ৰত ৰহস্যজনক ভূমিকা গ্ৰহণ কৰিছে স্থানীয় বন বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে ৷
ৰাজ্যত বানপানীয়ে তাণ্ডৱ সৃষ্টি কৰাৰ সময়তে নৈৰ পাৰৰ মাটি কাটি নৈপৰীয়া ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে দুষ্টচক্ৰই ৷ জাগীৰোডৰ হাতীয়ামুখত দুষ্ট চক্ৰই জেচিবিৰে কাটি নিছে কপিলী নৈৰ পাৰৰ মাটি ৷ মথাউৰিত ব্যৱহাৰৰ নামত কটা এই মাটি বিক্ৰী কৰিছে একাংশ লোকক ৷ পদু দাস নামৰ স্থানীয় এজন লোকৰ নেতৃত্বত এই কাৰ্য চলাই অহাৰ অভিযোগ উঠিছে ৷
কেবল মাটিয়ে নহয়, দুষ্টচক্ৰটোৱে কাটিছে নৈৰ পাৰৰ প্ৰকাণ্ড গছো ৷ এই দুষ্কাৰ্যৰ বিৰোধিতা কৰাত স্থানীয় লোকক ভয়-ভাবুকি প্ৰদান কৰাৰো উঠিছে গুৰুতৰ অভিযোগ ৷ ফলত কপিলী নৈৰ পানী বৃদ্ধি পালে এই স্থানত নলধৰা মথাউৰি চিঙি নিয়াৰ আশংকাত ভুগিছে নৈপৰীয়া ৰাইজে ৷ একাংশ মুনাফালোভী লোকৰ এই কাৰ্যই ভাবুকি কঢ়িয়াই আনিছে জাগীৰোড সমষ্টিৰ ৰক্ষা কৱচ হিচাপে পৰিচিত নলধৰা মথাউৰিলৈ ৷ সেয়েহে এইক্ষেত্ৰত অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় লোকে ৷
লগতে পঢ়ক: Gun Recoverd: লখিমপুৰৰ কাকৈ সংৰক্ষিত বনাঞ্চলত কাঠ কটা মেচিন বন্দুক উদ্ধাৰ