মৰিগাঁও ,২৭মাৰ্চ : "পৰোপকাৰেই হৈছে পৰম সুখ"- এই মন্তব্য বিশিষ্ট সাহিত্যিক, সাংবাদিক তথা কৰুণাধাৰাৰ উপদেষ্টা হোমেন বৰগোহাঞিৰ । কৰুণাধাৰা ন্যাস, মৰিগাঁও জিলা কৰুণাধাৰা সহায়ক সমিতিৰ উদ্যোগত মৰিগাঁও পবিতৰা হাট প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় কৰুণাধাৰাৰ এখন বিশেষ সভা । কৰুণাধাৰাৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি অশোক ডেকাৰ পৌৰহিত্যত অনুষ্ঠিত এই সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে সচিব প্ৰধান মিলেশ্বৰ পাতৰে ।
সভাৰ জৰিয়তে জিলাখনৰ বিভিন্ন জনে কৰুণাধাৰা ন্যাসলৈ আগবঢ়োৱা দানবৰঙণিৰ এক খতিয়ান দাঙি ধৰি আগন্তক দিনত সকলোৱে পৰা সহায় সহযোগিতা কামনা কৰে ন্যাসৰ বিষয়ববীয়া সকলে । ৰাজ্যৰ অন্যতম মানৱীয় সংগঠন কৰুণাধাৰা বৰগোহাঞি ছাৰৰ মানস পুত্ৰ স্বৰূপ । মৰিগাঁও এই বিশেষ সভাতে বৰগোহাঞিয়ে মৰিগাঁও বাসীৰ পৰা লাভকৰা সহযোগিতাৰ বাবে জিলা বাসীৰ লগতে জিলা সহায়ক সমিতিৰ বিষয়ববীয়াসকলক ধন্যবাদ জ্ঞাপন কৰে ।
বুধবাৰে অনুষ্ঠিত এই সভাতে কেন্দ্ৰীয় সমিতিৰ বহুকেইজন বিষয়ববীয়াই বক্তব্য ৰাখি সমাজৰ অসহায় লোকসকলৰ সহায়ৰ বাবে সকলোকে আগবাঢ়ি আহিবলৈ আহবান জনায়।