মৰিগাঁও,19 জানুৱাৰী: মঙলবাৰৰ পৰা ঐতিহাসিক শিলচাং খলা ৰাজ্যত অনুষ্ঠিত হ'ল তিৱা সকলৰ পৰম্পৰাগত মাঘ বিহুৰ উৰুকা ৷ শিলচাং খলা ৰাজ্যৰ প্ৰতীকী ৰজা প্ৰবীণ দেউৰজাৰ সহ পাৰিষদ তথা কালি থানৰ পূজাৰী ৰঞ্জু দেউৰীয়ে উদপুৰ বিলৰ পাৰত উপস্থিত হৈ পৰম্পৰাগত পূঁজা অৰ্চনা কৰি এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে ৷ ইয়াৰ পিছতেই ৰাইজে সমূহীয়াকৈ মাছ ধৰাৰ বাবে বিলত নামে ৷ এই মাছধৰা পৰ্বৰ পিছতেই পাহাৰ-ভৈয়াম লোকসকলৰ মাজত বিভিন্ন সামগ্ৰী বিনিময় অনুষ্ঠান উদ্ধোধন কৰে প্ৰবীণ দেউৰজাই ।
![as-mrg-historical-xilsang-khola-state-bhogali-uruka-celebration-img-as10005](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10304601_2.jpg)
ইয়াৰ উপৰিও এই অনুষ্ঠানত শিলচাং খলা ৰাজ্যৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শনৰ লগতে পৰম্পৰাগত কুকুৰা যুঁজ অনুষ্ঠিত হয় । সমান্তৰালকৈ, এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় ৰজা আৰু ৰাজ পৰিষদৰ মুকলি সভা । এই মুকলি সভাত তিৱা স্বায়ত্ব শাসিত পৰিষদ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, কাৰ্যবাহী সদস্য বিনিতা দৈমাৰী, সদস্য জীৱন কোঁৱৰ, প্ৰাক্তন উপমুখ্য কাৰ্যবাহী সদস্য মোহন সেনাপতিৰ উপৰিও বহুকেইগৰাকী তিৱা স্বায়ত্ব পৰিষদৰ নৱ নিৰ্বাচিত সদস্য উপস্থিত থাকে ।
![as-mrg-historical-xilsang-khola-state-bhogali-uruka-celebration-img-as10005](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10304601_1.jpg)
লগতে পঢ়ক-নিবার্চনলৈ সাজু বিজেপি: চাৰি জ্যেষ্ঠ নেতাই বিচাৰিলে ৰাইজৰ পৰামর্শ