ETV Bharat / state

মৰিগাঁৱত টীকাকৰণ কেন্দ্ৰ পৰিদৰ্শন কৰিলে স্বাস্থ্য বিভাগৰ সচিবে

author img

By

Published : May 28, 2021, 1:55 PM IST

মৰিগাঁৱৰ বঘৰা মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা আদৰ্শ টীকাকৰণ কেন্দ্ৰ পৰিদৰ্শন কৰিলে স্বাস্থ্য বিভাগৰ সচিব হেমেন দাস আৰু আন কেইবাগৰাকীও বিভাগীয় বিষয়াই । টীকাকৰণ প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰা হৈছে নে নাই সেই বিষয়ে বুজ লয় উচ্চপদস্থ বিষয়াৰ দলটোৱে ।

HEALTH SECRETARY VISITED MORIGAON
মৰিগাঁৱত টীকাকৰণ কেন্দ্ৰ পৰিদৰ্শন স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াৰ

মৰিগাঁও, ২৮ মে': স্বাস্থ্য বিভাগৰ সচিবসহ আন কেইবাগৰাকীও উচ্চপদস্থ বিষয়াই মৰিগাঁৱৰ আদৰ্শ টীকাকৰণ কেন্দ্ৰ পৰিদৰ্শন কৰে । মৰিগাঁৱৰ বঘৰা মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা আদৰ্শ টীকাকৰণ কেন্দ্ৰ পৰিদৰ্শন কৰে উচ্চপদস্থ বিষয়াৰ দলটোৱে ।

সুচাৰুৰূপে টীকাকৰণ প্ৰক্ৰিয়া অব্যাহত ৰখাৰ বাবে কেন্দ্ৰটোত কৰ্মৰত চিকিৎসকৰ লগতে বঘৰা মাধ্যমিক বিদ্যালয়ৰ শিক্ষক আৰু পৰিচালনা সমিতিক ধন্যবাদ জ্ঞাপন কৰে স্বাস্থ্য বিভাগৰ সচিব হেমেন দাস আৰু আন বিষয়াসকলে । কেন্দ্ৰটো পৰিদৰ্শনৰ সময়ত স্বাস্থ্য বিভাগৰ সচিবগৰাকীৰ লগত উপস্থিত থাকে স্বাস্থ্য সঞ্চালক মুনীন্দ্ৰ নাথ তাঁতী আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কাৰ্যকৰী সঞ্চালক মনোজ চৌধুৰীৰ লগতে কেইবাগৰাকীও বিভাগীয় বিষয়া ।

মৰিগাঁও জিলাত ক'ভিড-১৯ৰ প্ৰতিষেধক লাভ কৰাৰ ক্ষেত্ৰত ৰাইজে যাতে যাৱতীয় সা-সুবিধা লাভ কৰে আৰু প্ৰয়োজন অনুসৰি যাতে ক'ভিড-১৯ৰ প্ৰতিষেধক লাভ কৰে সেই সকলো কথাৰ বিষয়ে বুজ লয় বিষয়াৰ দলটোৱে ।

ৰাজ্য চৰকাৰে জাৰি কৰা নিৰ্দেশনা পালন কৰাত ৰাইজে অসুবিধাৰ সন্মুখীন হৈছে নেকি অথবা এই সন্দৰ্ভত কিবা সাল-সলনি কৰাৰ প্ৰয়োজন আছে নেকি সেই বিষয়ে পৰ্যালোচনা কৰাৰ বাবে ক্ষেত্ৰভিত্তিক পৰিদৰ্শনৰ বাবে মৰিগাঁও জিলাৰ বঘৰা টীকাকৰণ কেন্দ্ৰত উপস্থিত হৈছে বুলি জানিবলৈ দিয়ে স্বাস্থ্য বিভাগৰ সচিব হেমেন দাসে । আনহাতে, বঘৰা মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা আদৰ্শ টীকাকৰণ পৰিদৰ্শন কৰি সন্তুষ্টি প্ৰকাশ কৰি বঘৰাৰ স্থানীয় ৰাইজৰ লগতে বিদ্যালয় পৰিচালনা সমিতিক ধন্যবাদ জ্ঞাপন কৰে সচিবগৰাকীয়ে ।

লগতে পঢ়ক:মাধৱদেৱৰ আবিৰ্ভাৱ তিথিত নিমাওমাও পৰিৱেশ পাটেকীবড়ি সত্ৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.