মৰিগাঁও: 24 মাৰ্চ : দহ মাহে প্ৰাপ্যৰ পৰা বঞ্চিত ৰাজ্যৰ দহ সহস্ৰাধিক মৎস্য উৎপাদক কৃষক ৷ একোজন হিতাধিকাৰীৰ পৰা দুই তিনিবাৰকৈ ফটো লৈ বাৰে-বাৰে সঞ্চালকৰ কাৰ্যালয়লৈকে পঠাইছে যদিও প্ৰতিদিনে বঞ্চিত হৈ থাকিবলগা হৈছে মৎস্য উৎপাদক কৃষকসকল ৷
উল্লেখযোগ্য যে, 2018-2019 বৰ্ষত মুকলি কৰা হৈছিল মুখ্যমন্ত্ৰীৰ 'ঘৰে-ঘৰে পুখুৰী ঘৰে-ঘৰে মাছ' নামৰ এখন অভিলাষী আঁচনি ৷ যিখন আঁচনিৰ জৰিয়তে নিৱনুৱাসকলক মৎস উৎপাদনৰ জৰিয়তে স্বাৱলম্বী কৰাৰ উদ্দেশ্য আছিল৷ কিন্তু বৰ্তমানে ভালুকৰ সাঙীত পৰিণত হৈছে ৰাজ্যৰ 2018-19 ৰ গ্ৰাম্য আন্ত:গাঁথনি বিকাশ পুঁজি চমুকৈ (RIDF XXIII) আঁচনি ৷ আনকি মীন বিভাগে ৰহস্যজনক কাৰণত দহ মাহৰ পাছতো মুকলি কৰি দিয়া নাই কৃষকৰ প্ৰাপ্য ধন ৷