ETV Bharat / state

পিস্তল দেখুৱাই দুৰ্বিত্তই লুটিলে ধন - পিষ্টল দেখুৱাই হত্যাৰ ভাবুকি

জুৰীয়া পাঞ্জাৱ নেচনেল বেংকৰ অধীনত সুতিৰপাৰত চি এছ পি চলাই থকা পৰিচালকৰ পৰা দুৰ্বিত্তই পিস্তল দেখুৱাই লুটি নিলে ধন ৷ লুট কৰা ধনৰ পৰিমাণ তিনি লাখ টকা বুলি জানিব পৰা গৈছে ৷

goons looted csp manager by showing gun
পিষ্টল দেখুৱাই দূৰ্বিত্তই চিএছপি পৰিচালকৰ পৰা লুটি নিলে ধন
author img

By

Published : May 21, 2021, 10:58 PM IST

Updated : May 22, 2021, 6:39 AM IST

ৰূপহীহাট, 21 মে’: ৰূপহীহাটৰ সুতিৰপাৰত শুকুৰবাৰে পুৱাই পাঞ্জাৱ নেচনেল বেংকৰ কাষ্টমাৰ চাৰ্ভিচ পইন্টৰ পৰিচালকৰ পৰা দুৰ্বিত্তই পিস্তল দেখুৱাই লুটি নিলে তিনি লাখ টকা ৷ উল্লেখযোগ্য যে,শুকুৰবাৰৰ পুৱা ৰূপহীহাটৰ জুৰীয়া সূতিৰপাৰত চি এছ পিলৈ বুলি আহি থকা অৱস্থাত পৰিচালক গৰাকীক আদবাটতে আগভেটি ধৰে ডকাইতে ৷ ইয়াৰ পিছতে পৰিচালক গৰাকীৰ পৰা ডকাইটে লুটি নিলে নগদ ৩ লাখ টকা ৷ টকাখিনি নিবলৈ পৰিচালক গৰাকীক পিস্তল দেখুৱাই হত্যাৰ ভাবুকি দিছিল দুই ডকাইতে ৷

পিস্তল দেখুৱাই দুৰ্বিত্তই চিএছপি পৰিচালকৰ পৰা লুটি নিলে ধন

জানিব পৰা মতে, জুৰীয়া পাঞ্জাৱ নেচনেল বেংকৰ অধীনত সুতিৰপাৰত চি এছ পি চলাই থকা পৰিচালক গৰাকীৰ নাম এলবাৰ্ট হুছেইন ৷ উল্লেখযোগ্য যে, পিস্তল দেখুৱাই হুছেইনৰ পৰা ধনখিনি হস্তগত কৰি দুই ডকাইত অতি সহজে উধাও হ’বলৈ সক্ষম হয় ৷

লগতে পঢ়ক :লোক্ৰাত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুজনক আটক

Last Updated : May 22, 2021, 6:39 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.