ETV Bharat / state

Free health camp : জাগীৰোডৰ ভকতগাঁৱত বিনামূলীয়া স্বাস্থ্য শিবিৰ সম্পন্ন - ভকতগাঁৱত বিনামূলীয়া স্বাস্থ্য শিবিৰ সম্পন্ন

Free health camp in Marigaon
বিনামূলীয় চিকিৎসা শিবিৰ
author img

By

Published : Jul 2, 2023, 6:43 PM IST

Updated : Jul 2, 2023, 6:55 PM IST

17:45 July 02

মৰিগাঁও জাগীভকত গাঁৱত দূগোৎসৱ পৰিচালনা সমিতিৰ সহযোগত বিনামূলীয় চিকিৎসা শিবিৰ সম্পন্ন । বিভিন্ন বিভাগৰ অভিজ্ঞ চিকিৎসকে চিকিৎসা প্ৰদান কৰে এই শিবিৰত।

বিনামূলীয় চিকিৎসা শিবিৰ

মৰিগাঁও, ২ জুলাই: মৰিগাঁও জিলাৰ জাগীৰোডৰ ভকতগাঁৱত বিনামূলীয়া স্বাস্থ্য শিবিৰ সম্পন্ন । দেওবাৰে আয়োজিত এই শিবিৰত অংশ গ্ৰহণ কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে । ৰাজ্যৰ আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠান প্ৰতীক্ষা হাস্পতাল, দ্বীপশিখা ফাউণ্ডেশ্যন, ৰাষ্ট্ৰীয় মেডিকজ অৰ্গেনাইজেচন, অসম সেৱা ভাৰতী পূৰ্বাঞ্চলৰ বিশেষজ্ঞ চিকিৎসকে এই বিনামূলীয়া স্বাস্থ্য শিবিৰটোত অংশগ্ৰহণ কৰে ।

মৰিগাঁও জিলাৰ বৃহত্তৰ জাগী ভকতগাঁও অঞ্চলৰ সহস্ৰাধিক ৰোগীক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসা সেৱা আগবঢ়োৱা হয় । স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে প্ৰদান কৰে প্ৰাথমিক ৰোগৰ বিভিন্ন ঔষধ । উল্লেখ্য় যে জাগী ভকতগাঁও আঞ্চলিক দুৰ্গোৎসৱ উদযাপন সমিতিয়ে পূজাখনিৰ শতবৰ্ষ উদযাপন কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৰবিবাৰে দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰে এই বিনামূলীয়া স্বাস্থ্য শিবিৰটো ।

এই শিবিৰত মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা উপস্থিত হৈ সকলোকে উৎসাহিত কৰে । আয়ুক্ত দেৱাশীষ শৰ্মাই এনেদৰে বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা বাবে আয়োজকসকলক ধন্য়বাদ জ্ঞাপন কৰে । এনেধৰণৰ বিনামূলীয়া স্বাস্থ্য শিবিৰৰ জৰিয়তে সকলোৱে উপকৃত হ'ব পাৰে বুলি মন্তব্য় কৰে ।

এই বিনামূলীয়া স্বাস্থ্য শিবিৰত শিশুৰোগ, প্ৰসূতিৰোগ, মেডিচিন বিভাগ, চৰ্মৰোগ, শৈল্য়ৰোগ , দন্তৰোগ বিভাগ, নাক-কাণ-ডিঙি আদি ৰোগৰ অভিজ্ঞ বিশেষজ্ঞ চিকিৎসকে চিকিৎসা প্ৰদান কৰে । তদুপৰি আয়ুৰ্বেদিক, হোমিঅ'প্যেথি বিভাগৰ অভিজ্ঞ চিকিৎসকেও চিকিৎসা প্ৰদান কৰে । আনহাতে, মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ নেতৃত্বত দ্বীপশিখা ফাউণ্ডেচনৰ সহযোগত অঞ্চলটোৰ ৰাইজৰ মাজত কৰ্কট ৰোগ সজাগতা আৰু পৰীক্ষণ শিবিৰৰো আয়োজন কৰা হয় ।

লগতে পঢ়ক:NCP splits like Shiv Sena : অজিত পাৱাৰ বাহিনীয়ে আগন্তুক নিৰ্বাচনত এনচিপিৰ হৈয়ে প্ৰতিদ্বন্দিতা কৰিব

Last Updated : Jul 2, 2023, 6:55 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.