ETV Bharat / state

Karate Championship 2023: প্ৰথম ৰাষ্ট্ৰীয় মুকলি সমৰ কলা চেম্পিয়নশ্বিপ ২০২৩ ত স্বৰ্ণ জয় মৰিগাঁৱৰ খেলুৱৈৰ

author img

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 10:14 AM IST

অসমবাসীলৈ আহিছে এক সু-খবৰ ৷ প্ৰথম ৰাষ্ট্ৰীয় মুকলি সমৰ কলা চেম্পিয়নশ্বিপ ২০২৩ ত জিলিকি উঠিল মৰিগাঁৱৰ ৰুলাক্ষী শৰ্মা ৷ মুম্বাইত অনুষ্ঠিত হোৱা প্ৰথম ৰাষ্ট্ৰীয় মুকলি সমৰ কলা চেম্পিয়নশ্বিপ ২০২৩ ত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছে ৰুলাক্ষী শৰ্মাই ৷

Karate Championship 2023
অসমবাসীলৈ আহিছে এক সু-খবৰ
Karate Championship 2023
অসমবাসীলৈ আহিছে এক সু-খবৰ

মৰিগাঁও, ২১ ছেপ্টেম্বৰ : মায়া নগৰী মুম্বাইত অনুষ্ঠিত হৈ আছে প্ৰথম ৰাষ্ট্ৰীয় মুকলি সমৰ কলা চেম্পিয়নশ্বিপ ২০২৩ ৷ এই প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে মৰিগাঁৱৰ ৰুলাক্ষী শৰ্মাই ৷ মৰিগাঁৱৰ ৰুলাক্ষী শৰ্মাৰ এই সফলতাত এতিয়া আনন্দিত হৈ পৰিছে ৰাজ্য তথা মৰিগাঁওবাসী ৷

প্ৰথম ৰাষ্ট্ৰীয় মুকলি কাৰাটে চেম্পিয়নশ্বিপ ২০২৩ ত স্বৰ্ণপদক লাভৰে ৰাজ্য তথা স্ব-ভূমিলৈ উভতি অহা ৰুলাক্ষী শৰ্মাক মৰিগাঁৱত আদৰণি জনোৱা হয় । মুম্বাইত অনুষ্ঠিত প্ৰথম ৰাষ্ট্ৰীয় মুকলি কাৰাটে চেম্পিয়নশ্বিপ প্ৰতিযোগিতা স্বৰ্ণ পদক লাভ কৰা ৰুলাক্ষী শৰ্মাক মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ মৰিগাঁও সদৰ সমিতিৰ বিষয় ববীয়াই গামোচা, জাপি, প্ৰশস্তি পত্ৰৰে আদৰণি শুভেচ্ছা জ্ঞাপন কৰে ।

স্বৰ্ণ পদক লাভৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা ৰুলাক্ষী শৰ্মা মৰিগাঁৱৰ পচতীয়াৰ প্ৰয়াত প্ৰমোদ শৰ্মা আৰু অঞ্জলী শৰ্মাৰ কন্যা । ক্ৰীড়াৰ সমান্তৰালকৈ ৰুলাক্ষীয়ে ইতিমধ্যে মৰিগাঁও মহাবিদ্যালয়ৰ পৰা বাণিজ্যিক বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিছে । ৰুলাক্ষী শৰ্মা ক্ৰীড়াৰ সমান্তৰালকৈ ছাত্ৰ সন্থাৰ সদস্য ৰূপে মৰিগাঁও শৈক্ষিক সামাজিক দিশত সেৱা আগবঢ়াই আহিছে । ৰুলাক্ষীৰ এই সফলতাত গৌৰৱান্বিত এতিয়া তেওঁৰ পৰিয়াল তথা আত্মীয় ৷

উল্লেখ্য যে, ৰুলাক্ষী শৰ্মাৰ উপৰিও মৰিগাঁও মানিপুৰৰ আন দুই খেলুৱৈয়ে উক্ত ৰাষ্ট্ৰীয় মুকলি চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত স্থান লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ জানিব পৰা মতে, অংকুৰ পাতৰ, পৰাগ পাতৰ, পৰাগ মেধি আৰু হাবীবৰঙাৰ মামু চৌধুৰীয়েও দেশৰ সমৰ কলাৰ ক্ষেত্ৰখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

মনকৰিবলগীয়া যে, ইয়াৰে মৰিগাঁও মানিপুৰৰ সমৰ কলা প্ৰশিক্ষাৰ্থী কেইজনে নিজাকৈ সমৰ কলাৰ কৌশল আয়ত্ব কৰিবলৈ সক্ষম হৈছে ৷ আনকি এই সমৰ কলাৰ বাবেই পৰাগ মেধিয়ে হিন্দী বোলছবিতো অভিনয় কৰাৰ বাবে সুযোগ লাভ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : CM felicitation letter: ধেমাজিত মুখ্যমন্ত্ৰীৰ সম্বৰ্ধনা পত্ৰৰ পৰা উপেক্ষিত অৱসৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.