মৰিগাঁও,১৫ জুন: প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ মৰিগাঁও । মৰিগাঁৱৰ সৌন্দৰ্যত সোণত সুৱগা চৰাইছে মৰাকলঙে । প্ৰতি ঋতুতে বিভিন্ন আলহী পক্ষীৰ কলৰৱেৰে মুখৰিত হৈ থাকে মৰাকলং । এই মৰাকলঙৰ আছে বহু ঐতিহ্য, বহু গৰিমা । এতিয়াৰে পৰা মৰিগাঁৱৰ মৰাকলঙৰ নৈসৰ্গিক সৌন্দৰ্য্যৰ উপভোগ কৰিব পৰিব মৰিগাঁৱলৈ অহা প্ৰতিগৰাকী পৰ্যটকে ।
মৰাকলঙৰ আলহী পক্ষীৰ কলৰৱ তথা জলকেলি ওচৰৰপৰা উপভোগ কৰিব পাৰিব মৰাকলঙৰ পাৰত । মৰিগাঁও পৌৰ সভাৰ অন্তৰ্গত মৰাকলঙৰ পাৰত বৃহস্পতিবাৰে মৰাকলঙৰ সৌন্দৰ্য্য উপভোগ কৰাৰ বাবে ভিউ পইন্টৰ আধাৰশিলা স্থাপন কৰে মৰিগাঁও জিলা উপায়ুক্ত দেবাশীষ শৰ্মাই ।
এই কাৰ্যসূচীত উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত তথা পৌৰসভাৰ কাৰ্যবাহী বিষয়া দ্যুতিভা বৰা আৰু পৌৰপতি যোগেশ তামুলী । অসম চৰকাৰৰ গৃহনিৰ্মাণ পৰিষদ আৰু নগৰ উন্নয়নয়ন বোৰ্ড আৰু মৰিগাঁও পৌৰসভাৰ সৰ্বমুঠ ১.৮ কোটি টকাৰ ব্যয় সাপেক্ষে এটা ভিউ পইন্ট আৰু সাতবিঘা মাটিৰে এখন আটকধুনীয়া উদ্যান এবছৰৰ ভিতৰত নিৰ্মাণ কৰি মৰিগাঁওবাসীক আগবঢ়াব বুলি মন্তব্য প্ৰকাশ কৰে পৌৰপতি যোগেশ তামুলীয়ে ।
লগতে মৰিগাঁও জিলা উপায়ুক্ত দেবাশীষ শৰ্মাই এই অভিলাষী আঁচনিৰ আধাৰশিলা কৰি ৰাজ্যৰ ভিতৰতে এখন জাকত জিলিকা পৌৰসভা নিৰ্মাণৰ লক্ষ্যৰে এই আঁচনিৰ আধাৰশিলা কৰা হৈছে বুলি মন্তব্য প্ৰকাশ কৰে । একেদৰেই বৃহস্পতিবাৰে পৌৰসভাৰ দুটাকৈ ৱাৰ্ডৰ ৭ টাকৈ পথ মুকলি কৰে মৰিগাঁও পৌৰসভাই ।
বৃহস্পতিবাৰে মৰিগাঁও পৌৰসভাৰ পৌৰপতি যোগেশ তামুলী লগতে উপ-পৌৰ পৌৰপতি পিংকু দাস, ১০ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ অৰ্চনা বৰদলৈ উপস্থিতিত চতুদৰ্শ বিত্তীয় আয়োগৰ ২০১৯ -২০ পুঁজিৰ অধীনত মৰিগাঁও পৌৰসভা অন্তৰ্গত ৩১ টাকৈ পথৰ আবণ্টন কৰা হৈছিল । উল্লেখ্য যে ইয়াৰ অংশ ৰূপে বৃহস্পতিবাৰে ১০ নং ৱাৰ্ডত তিনিটা কৈ পথৰ লগতে আৰু ৫ নং ৱাৰ্ডত ৪ টাকৈ পথ নিৰ্মাণৰ শুভাৰম্ভ কৰে মৰিগাঁও পৌৰসভাৰ পৌৰপতি যোগেশ তামুলীয়ে ।
লগতে পঢ়ক: Man Elephant conflict: বন্যহস্তীৰ উপদ্ৰৱ, কথমপি প্ৰাণৰক্ষা এজনৰ