ETV Bharat / state

খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিল পবিতৰাৰ গঁড় - বান পৰস্থিতি

অসমৰ চৰিওফালে এতিয়া বান পৰিস্থিতিয়ে হাহাকাৰ সৃষ্টি কৰিছে সকলোৰে মাজত ৷ ব্যতিক্ৰম নহয় মৰিগাঁও জিলাও ৷ যাৰ বাবে বিগত ডেৰ মাহে বানৰ বুৰ গৈ থকা পবিতৰা অভায়ৰণ্যৰ পৰা খাদ্য সংকটত পৰি জনাঞ্চললৈ ওলাই আহিল গঁড় ৷

বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিল পবিতৰাৰ গড়

author img

By

Published : Jul 26, 2020, 6:39 PM IST

Updated : Jul 26, 2020, 11:51 PM IST

মৰিগাঁও, 26 জুলাই: বিগত ডেৰ মাহে অব্যাহত থকা বান পৰস্থিতিৰ বাবে এতিয়া খাদ্যৰ সংকটত ভুগিছে বন্যপ্ৰাণী সমূহ ৷ যাৰ বাবে বন্যপ্ৰাণী সমূহে বহু সময়ত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই জনাঞ্চলত প্ৰবেশ কৰাও পৰিলক্ষিত হৈছে ৷ দীৰ্ঘদিন ধৰি একেৰাহে পানীত বুৰ গৈ আছে পবিতৰা অভয়াৰণ্যও ৷ ফলত খাদ্যৰ সন্ধানত দেওবাৰে এটা মাতৃ গঁড়সহ জনাঞ্চললৈ ওলাই আহিল এটা গঁড় পোৱালি ৷

খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিল পবিতৰাৰ গড়

উল্লেখ্য যে চাৰি বাৰকৈ বানৰ কৱলত পৰা পবিতৰাৰ ঘাঁহনি সম্প্ৰতি পানীৰ তলত ৷ যাৰ বাবে খাদ্যৰ অভাৱে দেখা দিছে বন্যপ্ৰানী সমূহৰ মাজত ৷ দেওবাৰে ওলাই অহা গঁড় কেইটাৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি বন কৰ্তৃপক্ষকে ধৰি আগবাঢ়ি আহিছে স্থানীয় ৰাইজো ৷ গঁড় কেইটাৰ লগতে আন আন প্ৰাণী সমূহৰ বাবে ইতিমধ্যে পাৰ্যমানে খাদ্য সামগ্ৰীৰ ব্যৱস্থা কৰিছে বিভাগীয় কৰ্তৃপক্ষৰ লগত স্থানীয় ৰাইজে ৷ গছৰ ডাল-পাতকে ধৰি ঘাঁহ-বনৰ যোগান ধৰিছে তেওঁলোকে ৷ সমান্তৰালভাৱে মায়ঙৰ ৰাইজৰ সহযোগত জীৱকুলক নাৱেৰে খাদ্যৰ যোগানো ধৰা হৈছে ৷

লগতে পঢ়ক: ৰাজ্যত বান প্ৰভাৱিত জিলাৰ সংখ্যা 27 লৈ বৃদ্ধি

Last Updated : Jul 26, 2020, 11:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.