ETV Bharat / state

মৰিগাঁৱত বিপদসীমা অতিক্ৰম কিলিং আৰু কপিলী নৈৰ পানী - ক'ভিড-19

মঙলবাৰে পুনৰ কিলিং আৰু কপিলী নৈৰ পানীয়ে বিপদসীমা অতিক্ৰম কৰিছে । যাৰবাবে মৰিগাঁও দেওশাল,গোভা,নেলী,সীতাজখলা আদি অঞ্চলৰ ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে ৷ আনহাতে,কাৰ্বি লাংপি জলবিদ্যুত প্ৰকল্পৰ পানী এৰি দিয়াৰ বাবে জাগীৰোড অঞ্চলৰ বহুকেইখন গাঁৱৰ বাসিন্দাৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে ।

FLOOD AFFECTED PEOPLE IN ASSAM MORIGAON
মৰিগাঁৱত বিপদসীমা অতিক্ৰম কিলিং আৰু কপিলী নৈৰ পানী
author img

By

Published : Jul 21, 2020, 10:38 PM IST

মৰিগাঁও, 21 জুলাই : ক'ভিড-19 ৰ সমান্তৰালভাবে ৰাজ্যত সৃষ্টি হোৱা প্ৰলয়ংকাৰী বানে বুৰাই পেলাইছে উজনি-নামনিৰ বহু অঞ্চল ৷ ইতিমধ্য়ে বানত বুৰ গৈছে অসমৰ প্ৰায় 30 খন জিলা ৷ ৰাজ্য়ৰ অন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলাতো বানপানীয়ে বিভীষিকাৰ সৃষ্টি কৰিছে ৷ ৰাজ্যৰ চতুৰ্থটো বানৰ কৱলত পৰিছে মৰিগাঁও জিলাখনৰ বিভিন্ন অঞ্চল ৷

মৰিগাঁৱত বিপদসীমা অতিক্ৰম কিলিং আৰু কপিলী নৈৰ পানী

মঙলবাৰে পুনৰ কিলিং আৰু কপিলী নৈৰ পানী বিপদসীমা অতিক্ৰম কৰিছে । যাৰবাবে মৰিগাঁও দেওশাল,গোভা,নেলী,সীতাজখলা আদি অঞ্চলৰ ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে ৷

আনহাতে, কাৰ্বি লাংপি জলবিদ্যুত প্ৰকল্পৰ পানী এৰি দিয়াৰ বাবে জাগীৰোড অঞ্চলৰ বহুকেইখন গাঁৱৰ বাসিন্দাৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে । মঙলবাৰে পুৱাৰ ভাগৰ পৰা বাঢ়িছে কিলিং আৰু কপিলী নৈৰ জলপৃষ্ট ৷ নিশাৰ ভিতৰতে প্লাৱিত হৈছে বহুতো অঞ্চল ৷

প্ৰকল্পটোৰ তিনিখন গেট খুলি দিয়াৰ ফলত বিপদ সীমাৰ ওপৰেৰে বৈছে পানী ৷ নেলী,সীতাজখলা,গোগা আদি অঞ্চলৰ প্ৰায়সংখ্যক গাঁৱত এতিয়া ঘৰৰ ভিতৰত পানী সোমাইছে ৷ যাৰবাবে উপায়বিহীন হৈ অঞ্চলটোৰ বাসিন্দাসকলে ঘৰৰ পৰা সা-সামগ্ৰী নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিব লগা হৈছে ।

লগতে পঢ়ক : পুনৰ বানৰ কবলত টীয়কৰ জাঁজীমুখ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.